পৃষ্ঠা:গাওঁবুঢ়া.pdf/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভেলেউ।— মাৰি খালে চাগৈ, হজিৰ! ইয়ং।— হেইটো কুকুৰ কায়? হি কি জাত আছে? পেস্কাৰ।— নহয় হজুৰ, কুকুৰ নহয়, মুৰ্গী হে। ইয়ং।— হাঁ, হাঁ, আমি এতিয়া জানিলে। আচ্ছা গাওঁবুঢ়াকো বলাও। পেস্কাৰ।— হেৰ, টেকেলা, ভোগমন গাওঁবুঢ়াক ফুঁকাৰ; মুক্তিয়াৰকো খৱৰ দিবিগৈ। টেকেলা।— ভাল, দৌতা! (চিয়ঁৰি) ভোগমন গাওঁবুঢ়া হাজিৰ; ভোগমন গাওঁবুঢ়া হাজিৰ! (কঁপি কঁপি ভোগমনৰ প্ৰৱেশ) ইয়ং।— তুমি গাওঁবুঢ়া টাকিছে। ভোগ।— (কঁপি কঁপি) হয় ধৰ্ম্মাৱতাৰ! ইয়ং।— হেইটো মাইকী গড়তে টুমি মুৰ্গী ডৰিছে? ভোগ।— হয়, হজুৰ ধৰ্ম্মাৱতাৰ! ইয়ং।— তুমি টাকে ডাম ডিছে? ভোগ।— নাই হজুৰ, কৰপৰা দিম, দুখীয়া মানুহ। (মুক্তিয়াৰৰ প্ৰৱেশ) ইয়ং।— (পেস্কাৰৰ প্ৰতি) ওৱেল, এই আডমি কচুৰ কবুল কৰিছে। টাকে আমি ফাটক দিবে। পেস্কাৰ।— হয়, হজুৰ! কি সি আচল কথা চমজি ক'ব জনা নাই। তাৰ মুক্তিয়াৰক সুধিলে ভাল আছিল। ইয়ং।— আচ্ছা, মুক্তিয়াৰকে বলাবে লাগে। মুক্তিয়াৰ।— হজুৰ! বেণ্ডা হাজিৰ আছোঁ। ইয়ং।— টোমাৰ কুচ্ জবাব টাকিছে?