মিঃ ইয়ং।— পেস্কাৰ!
পেস্কাৰ।— হজুৰ!
ইয়ং।— ফৌজ্দাৰী মকদ্দমা পেচ্ কৰিবে লাগে।
পেস্কাৰ।— বহুত আচ্ছা হজুৰ! হেৰ, টেকেলা, ভেলেউ মৰিয়ানীক ফুঁকাৰচোন।
টেকেলা।— ভাল, দৌতা। (চিয়ঁৰি) ভেলেউ মৰিয়ানী হাজিৰ। ভেলেউ মৰিয়াণী হাজিৰ।
(ভেলেউৰ প্ৰৱেশ; হাতযোৰকৈ থিয় দিয়ে)
ইয়ং।— টুমি, গোচৰ কৰিছে?
ভেলেউ।— হৈছে হজিৰ!
পেস্কাৰ।— বাৰু, হলফ্ ল। ক, বুলি, যি ক'ম সঁচা কম। মিছা ক'লে ধৰ্ম্মে ঘটাব।
ভেলেউ।— এ খোদাই। মিছা ক'বলৈ নো কি হৈছে? খঁচা ক'মতোন্।
ইয়ং।— তোমাৰ কোন্ কটা টাকিছে?
ভেলেউ।— নাই হজিৰ! বেটীক কোনেও কটা নাই।
পেস্কাৰ।— নহয়, তোৰ কি কথা কবলৈ আছে, তাকে হে সুধিছে।
ভেলেউ।— অ, খেইটো কতা! হজিৰ, বেটী বাঁৰী মানুহ। খেতিপথাৰৰ খঁচেই নাই। কুকুৰা-পোৱালি পুহি যেন্তেন্কৈ পোহ যাওঁ। তাৰে ঘাই কুকুৰাজনীকে খিদিনাসন ভোগমন গাওঁবুঢ়াই কাঢ়ি আনিলেগৈ! বেটী নিগমে মৰিলোঁ! এনে অইনাই হ'লে কেনেকৈ থাকিম, হজিৰ!
ইয়ং।— হেইটো টোমাৰ কুকুৰ ডৰিছে? ডৰিছে তো কি কৰিছে?