পৃষ্ঠা:গাওঁবুঢ়া.pdf/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


এতিয়াও মোৰ বুকু ফাটি যায় যেন লাগে। হে পৰ্ভু, তোমাৰ কি অতভূত্‌ মহিমা! এনেখন সুখ ভুগিবলৈকে মানুহে গাওঁবুঢ়া-বিষই খাবলৈ খাটি-লুটি ফুৰে! হাঁয়! হাঁয়!

 ৰংদৈ।— মৰাটো মৰেই; জীয়াটোও সেই বুলি তাৰ লগতে মৰিব পাৰে নে? এতিয়া আৰু শোক-বেজাৰ কৰি থাকিলে কি হ'ব? গাওঁবুঢ়া বিষৈয়ে আমাৰ গতি যি কৰিলে কৰক। এতিয়া আৰু তাত সকাম নাই, কাইলৈ গৈ হাকিমৰ আগতে সেইখন বিষই শোধাই থৈ আহি গাটো আজৰি হৈ লবিহঁক। দেহা ভালে থাকিলে, কোন নো নেখাই মৰিছে? এতিয়া হাতে-কাণে যি আছে, তাকে বেচি তৰোঁহঁক। পাচে পৰ্ভুৱে যি কৰে!

 ভোগ।— (দীঘলকৈ হুমুনিয়া পেলাই) ভাল কৈছ; তোৰ কথাতে ভৰ দিলোঁ। কাইলৈ মৌজাদাৰ হাকিমৰ ওচৰত আমাৰ বিষৈখনৰ মেট্‌মৰা ভাৰখন শোধাই দিহে আহিবগৈ লাগে।

 ৰংদৈ।— আহচোনহঁক, ভিতৰ সোমাওঁ, কিবা এৰি গৈছে নে চাওঁগৈ।

(তিনিওৰো প্ৰস্থান)