পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


পেজান।— খোলটা আনিছোঁ; আনক হ'লে তিনি পইচাৰ দুটাকৈহে দিওঁ। তোমাক বুলিহে গোটে পইচাকৈ দিছোঁ।

ভোগ।— বাৰু, হেৰ লৰা, কণী কেইটা বান্ধি লচোন। (মৰিয়া ল'ৰাই কাপোৰৰ আগত কণী বান্ধি লয়; আৰু দুয়ো আহিবলৈ ধৰে)

পেজান।— (আগচি ধৰি) ক'তা, আপুনি পইচা নিদিলাচোন? ভোগ।— (হাঁহি মাৰি) হেৰ, এইবোৰ ৰচত হে গোটাইছোঁ। মৌজাদাৰ হাকিমৰ হুকুম। বৰচেহাব আহিছে। পেজান।— (মনটো আমোলাই) এহ, এইবোৰ আৰু বৰ অথহনি কথা! দুখীয়া মানুহ, কণীগাল বেচিয়ে চুৰিয়া এডোখৰ লম বুলিছিলোঁ! এতিয়া খিকেটা বেচি নো কি পাম, নুজুৰিব। ভোগ।— অ, আৰু আছে যদি, আন চাইটামান; এবুৰি তেও পূৰা হওক। পেজান।— এ, নাই দেও, যোৱাঁ, যোৱাঁ। এ খোদাই! এনেকুৱা অধৰম হ'লে আৰু কেনেকৈ তৰিম! (উচাৎ মাৰি গুচি যায়) ভোগ।— (দীঘলকৈ হামি এটা মাৰি) ৰাধে, ৰাধে, ৰাধে! গাটো ৰাঁই -জাঁই কৰি আহিছে ঔ! লঘোনীয়া গা! হাজত।— কি হ'ল? গা বেয়া কৰিছে নে? মোৰো ভোক লাগিছে। আপুনি মোক এৰি দিয়া দেওঁ। ভোগ।— হেৰ, মই আজি গাকে ধোৱা নাই। তই দিনটো হাঁহ-কুকুৰাৰ দৰে খাই থাকিও এতিয়া কেঁকাইছ নে? হাজত।— হয়, হয়, আপুনি এখাজি নমৰাকৈ আহিছাঁ? মিছা নকবা হে। ভোগ।— এৰা, নপতিয়াবি তো; মোৰ দুখ নো কোনে পতিয়াব! বল, বল, একেবাৰে আৰ্দ্দলিৰ হাতত দি আহোঁগৈ বুপাই। নিচেই তাকৰ হে হ'ল, কি কৰে আজি ঠিক নাই। (প্ৰস্থান)