সমললৈ যাওক

পৃষ্ঠা:গাওঁবুঢ়া.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় পট, —চৰ্কাৰী আলহী-বঙলা।
(খানচামা, চৰ্দ্দাৰ, আৰ্দ্দলি এইবিলাকে
বৰচাহাবৰ মাল-বস্তুৰ দিহা লগাইছে)

 খানচামা।— চৰ্দ্দাৰ জি, আভিতক ৰচদ নাহি মিলাহেঁই; ক্যা কৰেঙ্গে? টিফিন্‌কোৱাষ্টে কয়ঠো আণ্ডা মিল্‌নেচে ভি হোতা হ্যাই।

 চৰ্দ্দাৰ।— হ্যাঁ, আভিতক কুচ্ নাহি আয়া; একঠো আডমি ঠোৰা লাক্‌ৰি ৰাখ্‌কে চলাগিয়া হ্যাই। (আৰ্দ্দলিলৈ চাই) দেখ আৰ্দ্দলি, তোম্‌ ইধাৰ-উধাৰ হোকে দেখতো কোই আতাহেই কি নাহি।

 আৰ্দ্দলি।— অ, ৰহ, ৰহ, ঐ দুইটা আড্‌মি আহ্‌তা হে। তাঁহাতৰ হাতমে কিবাকিবি আন্‌টাহেই।

(ৰচদে সৈতে ভোগমনৰ প্ৰৱেশ আৰু ৰচদৰ ভাৰখন থৈ মৰিয়া ল'ৰাৰ প্ৰস্থান

 খানচামা।— তোম্‌ কি কি আনিছে? আচ্ছা আমি দেখিবে।

 ভোগ।— এ, কিনো চাবা, নেপালোঁৱেই দেও; কুকুৰা তিনটা আৰু কণী ষোলটা মাথোন পাই লৈ আহিছোঁ।

 খান।— (আৰ্দ্দলিলৈ চাই) অঃ, ইস্মে ক্যা হগা! আভি টিফিনমে দেকে, হামলোক খানেছে, ফজৰমে ছোটা হাজিৰিকোৱাষ্টে আণ্ডা নাহি হোগা। তব্‌ ক্যা হোগা?

 আৰ্দ্দলি।— (খঙ্গেৰে) হেৰ গাধ, ইমান দিনে ইয়াকে গোটাই ৰাখিছিলি