পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বিলত।— (ভিতৰৰ পৰা খঙ্গেৰে আহি) হেৰ, এইকিটা ক'ৰ কুকুৰা ধৰা খিয়াল আহিলহঁতঔ! হাঁহৰ পেটু-চোঁচা হেঁদু, বিখয় খাইছ, ৰচত যোগাব লাগে যদি, ঘৰতে কুকুৰা পুহি নলৱ কিয়। দুখীয়া মানুহক কেলেই এইদৰে অইনাই কৰি ফুৰ? ভোগ।— হেৰ, শুকান-খোৱা মৰিয়া! বৰকৈ টপটপাৱ দেখোন। হাকিমৰ হুকুম মতে হে আহিছোঁ, সেইটো মনত ৰাখিবি। সিবাৰ গফুৰ মৰিয়াৰ এনে কথাৰ মূৰত কি দশা হৈছিল মনত আছে নে? বিলত।— (সেও হৈ) এৰা বুবাই! তহঁতে আৰু দূৰলৈ যাব নোৱাৰ, দুখীয়া বুঢ়াৰ হে দুটাকৈ কুকুৰা ধৰিবলৈ পালিহি! বাৰু যা, আমি মৰা মৰোঁ, হাকিমেই বিখই খাই তৰক। (ভিতৰলৈ বেজাৰ মনেৰে সোমাই যায়) ভোগ।— (মৰিয়া ল'ৰাটোলৈ চাই) হেৰ, কুকুৰা যেনিবা তিনিটা পোৱা হ'ল, কণী হে নেপালোঁ। সঁচা কথা ক'লে কোনেও নিদিয়ে; সেই দেখি পোনেই কিনিবলৈ আহিছোঁ বুলি ক'ম। তাৰ পাচে, কণী হাত কৰি ল'লে আন উপায়ে পোৱা যাব। হাজত।— বাৰু, আপুনি যি বুধি কৰিবা, ময়ো তাকে কৰিম। ভোগ।— (পেজানৰ দুৱাৰমুখত) হেৰ, পেজান ঘৰত আছ নে? ওলাই আহচোন। পেজান।— (ওলাই আহি) কোন? অ, আমাৰ গাওঁবুঢ়া দেও। কিবা হ'ল? ভোগ।— হেৰ, তোৰ ঘৰত বোলে কুকুৰা-কণী আছে; মোক সিকি এটা মানৰ দেচোন। আমাৰ চেহাবক লাগে বোলে। পেজান।— বাৰু, আপুনি অখন্তক থি হোৱাঁ; মই আনোগৈ। (প্ৰস্থান) (ভোগমনে জোমাজুমিকৈ থাকোঁতেই কণী লৈ পেজানৰ পুন।— প্ৰৱেশ) ভোগ।— কিমান আনিছ?