পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


নাকে টকা চেৰেক ৰেহাই পালোঁহেতেন, সিও এটা কথা আছিল; আমাৰ কপালেৰে ভাল যেনিবা নিকিনা-গোলাম সোমাই মৰিব লগা হলোঁ!

 ৰত্ন।— (উলটি) বেয়া পাইছ যদি, এৰি পেলা এইখন বিষয়। মই তোক কাবৌ কৰি ৰখাই নাই। নোৱাৰ কৰিব কাম, গুচি যা। তই গ’লে এই কামৰ কাৰণে দহোটাই চুঁচৰি ফুৰিবহি।

 কচু।— (বেজাৰ মনেৰে তলমূৰ কৰি) হে হৰি!

(ভোগমনৰ প্ৰৱেশ)

 ৰত্ন।— (খঙ্গত জলজলাই ভোগমনৰ প্ৰতি) টোপনি ভাগিল নে? নাই, নিজৰ পেটলৈ কাৰবাৰ কৰি ফুৰি এতিয়াহে মুখখন দেখুৱাবলৈ আজৰি পালি? তহঁতৰ কাম কৰিবলৈ যদি মন নাই, আজৰি নাই, তেন্তে কিয় চুঁচৰি-বাগৰি খাটি-লুটি গাওঁবুঢ়া হ’বলৈ বিচাৰি ফুৰ?

 ভোগ।— দেউতা, মই পুৱাতে উঠি গৈ ভদৰীচুকৰ ইমূৰৰ পৰা সিমূৰলৈকে ফুৰি বাজে বাজে দেউতাৰ কাষ চাপিছোঁহি।

 ৰত্ন।— মিছলীয়া, নিধক! পুৱাতে উঠি আমাৰ কামলৈ যোৱাৰ চিন পাইছোঁ নহয়,-- আজি ভদৰীচুকৰ খাজানা দিবলৈ অহা মানুহেৰেই চ’ৰা-ঘৰ ভৰি পৰিছিল!

 ভোগ।— দেউতা, বন্দীয়ে কি ক’ম; আন মানুহেও দেখিছে নহয়। মই ঘৰে ঘৰে গৈ গালি-শপনি পাৰি কৈ ফুৰিছিলোঁ। সিহঁত এটাইখন যাওঁ-যাওঁ বুলি ওলাইছিল; আৰু ৰাতিয়া, ভদি, কেৰ্ক্কেটু, ডোমাই, ৰহপুৰ, এই কেইটা মোৰ লগতে ওলাই আহিছিল। মই সিহঁতক দেউতাৰ এখেলৈ পঠিয়াই দি, সিচুবুৰী গলোঁগৈ। সিহঁত নাহিল হ’বলা?

 ৰত্ন।— (চকু পকাই) হয়, মই জানিছোঁ। সিহঁতক পঠিয়াই দি, তই নিজৰ পেটলৈ সিধা বিচাৰি গলি; ইফালে তোৰ মন বুজি সিহঁতেও নিজৰ পেটৰ নিমিত্তে কাৰবাৰ কৰিবলৈ দিহাদিহি গুচি গ’ল চাগৈ।