পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভোগ।— দেউতা, কেলেই নো কয় এনে কথা? মই বাজে-বাজেই এইখিনি পাইছোঁহি; কিনো সিধা-পাতি গোটাই আনিছো দেখিছেইচোন। সেইদৰে গোটাব পৰা হলেচোন মোৰ এনে দশা নহয়েই। পাৰোঁতে নো তিৰোতাই বেজাৰত কয়, বোলে, মান ৰইখা কৰিবলৈ চাওঁতে এতিয়া জীৱন ৰইখা নপৰাত পৰিল! ৰত্ন।— এতিয়া তহঁতৰ বলকনি শুনি থাকিলেই মোৰ গা নৰয়। পৰহিলৈ খাজনা নোশোধালেই নহব; কালিৰ ভিতৰত যদি তোৰ ফালৰ আটাইবিলাক মানুহে খাজনা নিদিয়েহি তেন্তে বাৰু কি দেখা দেখিবি। ভোগ।— ভাল দেউতা, চাব লাগে। ভাতমুঠি খায়ে আকৌ যাওগৈ। কি কৰিম। ৰত্ন।— ৰাতিপুৱাৰে পৰা এই বেলি ভাটী দিয়ালৈকে যি কৰিলাগৈ সেয়ে আমাক আঁটিছে; মিচাকৈ ইবেলাও মেল মাৰিবগৈ নালাগে। অকল সেইটোৱেই কাম নহয়। কালিয়েই টেকেলাই পৰওনা দি গৈছেহি, আজি আবেলিকৈ বৰচাহাব এইখিনি পাবহি; চাৰিবজাৰ সময়ত সকলো ৰচদ-পাতি ঠিক কৰিব লাগে। তই গৈ মৰিয়াগাওঁকেখনত বিচাৰি কুকুৰা দহোটা আৰু কণী দুবুৰিমান গোটাই নি বৰচাহাৰ আৰ্দ্দলিৰ হাতত দিবিগৈ। দেখিবি, জোখাৰে নহ’লে, চাহাবৰ চৰ্দ্দাৰে শুদাই নেৰি, মোৰ ওচৰত হ’লে তেতিয়া বেজাৰ নকৰিবিহি। (কচুখোৱালৈ চাই) তই যা, সোণাৰিগাওঁ, ডোমগাওঁ আৰু বহতীয়া গাঁৱৰ পৰা খৰি-কাঠ আৰু মাছ-পুঠি জোখাকৈ গোটাই নি সেই সময়তে দিবিগৈ। ময়ো চাহাবক আগবঢ়াই আনিবগৈ লাগিব; যাওঁ, ওলাওঁগৈ। তহঁতেও যা। (ৰত্নেশ্বৰৰ প্ৰস্থান) ভোগ।— (কচুলৈ চাই) ককাই! আমাৰ বিলাই কি হৈছে নেদেখিছ? ভাল যেনিবা দিঙ্গিত কলহ বান্ধি পানীত পৰিছো, ককাইটি ঔ! কচু।— এ, বুপাই আমাকো আভোকৰ ন-মুঠিয়ে ভালকৈয়ে আঁটিছে।