পৃষ্ঠা:গাওঁবুঢ়া.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দ্বিতীয় পট,--মৌজাদাৰৰ বাট'চৰা।
(ৰত্নেশ্বৰ আৰু কচুখোৱা)

 ৰত্ন।— (খঙ্গেৰে) মোৰ ফালে যেই হওক, তহঁতে মাথোন গাঁৱে গাঁৱে মেল মাৰি সিধা-পাতি বিচাৰি ফুৰিবি। পৰহিলৈ খাজনা নোশোধালেই নহয়, ইফালে আজিলৈকে তাৰ আধাৰো-আধা উঠা নাই। তোৰ ফালৰ মানুহবিলাকৰ হে তেনেই বাকী পৰি আছে।

 কচু।— দেউতাই যেনে ভাল দেখে কৈ থাওক, আমাৰ শুনিবৰ দিন পৰিছে, শুনি থাকিম। মই নো মেল মাৰি সিধাকে বিচাৰি ফুৰোঁ নে দেউতাৰ কামকে কৰোঁ, সেইটো নেদেখা-জনে দেখি আছে। চুৱা-খোৱা নিলাজহঁতে ৰজাৰ খেজেনা দিব লাগে বুলি জানিও নিদিয়েহি, মই নো কি কৰিম!

 ৰত্ন।— কোমল মাত পালে নো কোনে দিয়েহি? তহঁতৰ সিধা-পাতিৰ কেনেবাকৈ পৰালি পৰে পুলি, ভয়ত মানুহক টানমুখীয়া হৈ ক’ব পাৰিলে হে! বাৰু, মোৰ ফালে যি হয় হওক, তহঁতেই তৰি থাক্। (খঙ্গত এফলীয়া হৈ নিটাল মাৰে)

 কচু।— দেউতাই ক’বলৈ ভাল পাইছে কওক। আমি নো কেনেদৰে তৰিছোঁ, সকলো দেখিয়েই আছে। চৰকাৰী কামতে দিনটো ঘূৰি ফুৰোঁতেই যায়, ঘৰৰ বন বুলি কুটা এগছ দাঙ্গি ধৰিবলৈকো আজৰি নেপাওঁ। সিফালে কৰোঁতা-মেলোঁতা গোটাচেৰেক থকা হলেও এটা কথা আছিল। সেই কান্দি-ভাত-খোৱা লৰা দুটাৰে সৈতে একেজনী মানুহে হেপোৰ্ তেপোৰকৈ নো কিমান কৰিব পাৰে? দেউতাই আমাক তৰিবৰ কথা হে কৈছে, গাওঁবুঢ়া হবৰপৰা আৰু আমাৰ অৱস্থা দিনক-দিনে তললৈ হে গৈছে। আৰু বা কি হ’ব লগা আছে, ঈশ্বৰে হে জানে। ইমানকৈ খাঁটি মৰাৰ বাবে যদি খেজে