পৃষ্ঠা:গাওঁবুঢ়া.pdf/৩৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দেখি হে ইমান দিনলৈকে আছিল; এতিয়া চাৰিওফালে লোকৰ ধান দাই নি মুকলি কৰি দিলে; যি এডাল আছে সিও উদঙ্গীয়া গৰুৰ ঘাঁহ হওক! মই নো একেজনী মানুহে কেইপিনে চাম? ঘৰলৈকে চাম নে, ধানকে চপাম? গাঁৱে গাঁৱে ফুৰি থাক, তেও বা কৈ-মেলি এজনী মানুহকে মাতি আনি ধান কেমুঠি কটাই লওঁ, এনেটোও মনত নাই। যি হয় হৈ থাওক, ময়ো উভতি নেচাওঁ। এই বেলি ভাত-ভঁৰালৰো ভিকাচন ভাগিব!

 ভোগ।— হেৰ, এনে কথা নো কিয় কৱ? মোৰ হ'বলা সেইটো গিয়ান নাই? পিচে, কি কৰিম, আজিকালি মানুহৰ ভিতৰত কাক কোনে মানে? মোৰ কথা এৰিয়ে দে, সিদিনা হাকিমৰ ধান দাবলৈ কওঁতেই সোণাৰিয়নীহঁতে টেঁটুতে ধৰাদি ধৰিলেহি। বাৰু, যি হয় হক। পিচে, এতিয়া এইদৰে বলকি থাকিলেই হ'ব নে? ভাত-পানী ৰান্ধি থৈ, তয়ে যি পাৰ দাই থবি, মই সিবেলাকৈ যি পাৰোঁ চপাম হি।

 ৰংদৈ।— বাৰু যাহঁক চপাবলৈ পাবিহি। মই যাওঁ মানেই সিফালে উদঙ্গীয়া গৰুৱে পেটত চপাই থব। হাঁয়, হাঁয়, এইবেলি আৰু ভাতমুঠিৰো ভিকাচন ভাগিব যেন হে পাইছোঁ। ভাল যেনিবা মই খাটি-লুটি ভেঁটী-ভাৰ দিয়াই, মান ৰইখা কৰিবলৈ বুলি বিষয় লোৱাঁওঁতে, এতিয়া জীৱই ৰইখা নপৰা হ'ল। সঁচাকে এই বিষই খাবলৈ গৈ যেনিবা বিহ হে খালোঁ।

 ভোগ।— (দীঘলকৈ হুমুনিয়া কাঢ়ি) ওঁ, হুঁ! কি কৰিম! সকলো ঈশ্বৰৰ বন। যাওঁ, বেলি হে হ'ল। সোনকালে নেপালেগৈ সিফালে কাকো নেপামগৈ; দিহা-দিহি ওলাই যাব। (জেতুকীক লৈ ৰংদৈ সোমায়, ভোগমন বেজাৰ মনেৰে ওলাই যায়)