ভোগ।— নেখাই নো ক'ত কেইটা মৰিব দেখিছ? গোঁসায়ে এক ৰকমে খুৱাব। সংসাৰৰ গতিয়েই এনে!
ৰংদৈ।— এৰা, হাত সাবটি বহি থাকিলেও গোঁসায়ে বঢ়া ভাত আগত দি খুৱাই দিবহি নহয়?
ভোগ।— (বেজাৰ মনেৰে) মোক নো তই কিমান বহি থকা দেখিছ বাৰু? মোৰ নিচিনা দুখকাৰী জীৱ আৰু সংসাৰত কোনোবা আছে নে নাই মই ক'ব নোৱাৰোঁ।
ৰংদৈ।— বহি থকা নাই, ঘূৰিয়ে ফুৰিছহঁক। পিচে কালৈ? লোকক খুৱালেই নিজৰ পেট ভৰে হ'বলা? তেনেহ'লে যাহঁক, খাবলৈ নিবিচাৰিবিহি মুঠে। মই নো ক'ৰ পৰা খুৱাম?
জেতুকী।— (পিৰালিৰ পৰা লৰি আহি মাকৰ আঁচলত ধৰি) আই! মই ৰাতিপুৱা খাবলৈ কালি ভাত থৈছিলি নে? দেহি আই, মোৰ ভোক লাগিছে।
ৰংদৈ।— (খঙেৰে) গুচ্ এই কুলইখনীজনী এইখনৰ পৰা। কৰবাৰ খং কৰবাত সাৰিম পাচে!
জেতুকী।— (কান্দি কান্দি বাপেকলৈ চাই) বুপাই, চাচোন আয়ে মোক ভাত নিদিয়ে!
ভোগ।— (বেজাৰ মনেৰে জেতুকীক কোলাত তুলি লৈ) নেকান্দিবা মোৰ আই! মোৰ আয়ে আপুনি বিচাৰি খোৱাঁগৈ যোৱাঁ। (জেতুকীৰ প্ৰস্থান)
ভোগ।— তোৰে সৈতে এইদৰে চুপতি মাৰি থাকিলেই মোৰ গা নুজুৰায়। মই যাওঁ। কি কৰ, কৰি থাক।
ৰংদৈ।— এৰা, ঘৰৰ কথা পাতিলে গা নুজুৰায় তো! যা, এতিয়া দিনটো টলৌ টলৌকৈ জুৰণি বিচাৰি ফুৰগৈহঁক। আজি দুবছৰে ফুৰি ফুৰি যিখিনি জুৰণি চপাই আনিছ, সেয়ে তিনিওটাৰে গা জুৰাইছে নহয়! লোকে বিষয় লয় সুখ খাবলৈ , আমাৰ বিষয়ে দুখৰ পাচি ভৰাইছেহি। মাজ-পথাৰৰ ধান