পৃষ্ঠা:গল্প সংকলন.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বোকাৰ পদুম

 মোৰ আত্মজীৱনী লিখি মৰা অতীতৰ সময় বালিত নিজৰ চিন ৰাখি যাবলৈ ইচ্ছা নকৰো। কাৰণ মোৰ দৰে সামান্য মানুহৰ অতি সাধাৰণ কামবোৰ আত্মজীৱনী এখনৰ সামগ্ৰী হব নোৱাৰে। তথাপি মোৰ দাম্পত্য জীবনৰ এক আধ্যায় —– আমাৰ কন্যা ৰত্নটিৰ কথা — আমাৰ সংসাৰ চিত্ৰখন আজি ৰাইজৰ আগত ডাঙি ধৰিব খুজিছো।

 চৰকাৰী হাইস্কুলৰ শিক্ষক, বন্ধুবৰ শ্ৰীকাকতী আৰু মই একে গাৱৰে লৰা। কাকতীৰ ঘৰৰ অৱস্থা আমাতকৈ বহুত ভাল। মোৰ পিতা আছিল —এজন পাঠশালাৰ শিক্ষক। তেওঁৰ সামান্য উপাৰ্জ্জন। পিতাই শিক্ষাৰ মোল বুজে, সেই কাৰণে মই মেট্ৰিক পাছ কৰাৰ পিচত মোক কলেজত পঢ়িব দিলে। মই জানো, তেওঁ বহু কষ্ট কৰি, নিজে নেখাই টকা বচাই, আনকি খুজিমাগি আনিও মোৰ কলেজৰ খৰছ যোগাইছিল। মোৰ পঢ়াশুনা আৰু পিতাৰ নিঃকিন অৱস্থা দেখি বহুতে তেওক সহায় কৰিছিল আৰু অনেকে পুতৌ কৰিছিল। মোৰ সদগুনী পিতা! পিতাই মোৰ সুখ-উন্নতি দেখিবলৈ নাপালে। অকালতে তেওঁ স্বৰ্গী হল। তেওঁ নিজ হাতেৰে ৰোৱা গছ ডালৰ ফল খাবলৈ নাপালে – কিন্তু মোৰ ওপৰত তেওঁৰ সম্পূৰ্ণ বিশ্বাস আৰু ভাৰষা আছিল যে, ভগবানে কৰিলে, ভবিষ্যতে মই তেওঁৰ নাম ৰাখিব পাৰিম। মই আজিও মোৰ স্বৰ্গীয় পিতৃদেবৰ আশীৰ্ব্বাদ শিৰত লৈ নিজৰ কৰ্ত্তব্য পথত আগ বাঢ়িছোঁ।

 কঠোৰ চেষ্টা আৰু অধ্যবসায়ৰ ফলত, কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত সম্মানৰে ১ম শ্ৰেণীতে ২য় স্থান অধিকাৰ কৰি এম-এ পাছ কৰিলো। পাছ কৰি উঠিয়েই চৰকাৰী কলেজ এখনত অধ্যাপক নিযুক্ত