পৃষ্ঠা:গল্প সংকলন.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
বোকাৰ পদুম

হলো। সকলোৱে আচৰিত মানিলে— দুখীয়া শিক্ষকৰ লৰা এজনে ইমান খিনি উধাব পাৰে। সচকৈয়ে বিদ্বান লোকে সকলোৰে পৰা মান পায়।

 চাকৰী কৰি টাউনত ঘৰ-বাৰী কৰি নিগাজী হলো। তেতিয়াও মোৰ বিয়া হোৱা নাছিল। মোৰ অবস্থা আৰু উন্নতি দেখি কেইবাটাও সম্ভ্ৰান্ত ধনী পৰিয়ালে মোক ছোৱালী যাচিছিল। বহুতে চিঠিৰ লগতে উপযুক্ত ধুনীয়া ছোৱালীৰ ফটো পঠাইছিল; কিন্তু সেই বোৰলৈ মই হাত নেমেলিলো। কাৰণ দুখীয়া ঘৰৰ লৰা হৈ ধনীৰ লগত সম্বন্ধ পতা থিক নহব বুলি পিতাই মোক আগতে কৈ থৈছিল। পিতা পুৰণি পন্থীয় লোক, তেওঁ মোৰ বিয়াৰ কাৰণে এজনী উপযুক্ত ছোৱালী আমাৰ গাৱতে ঠিক কৰি ৰাখিছিল আৰু ছোৱালীৰ মাক-বাপেকক প্ৰতিশ্ৰুতি দিছিল। মাৰ ইচ্ছা আৰু পিতৃৰ আদেশ লঙ্ঘন কৰিব নোৱাৰি সেইজনীকে বিয়া কৰিলো। তেওঁৰ নাম নিশা দেবী—পঢ়াশুনা মাত্ৰ পাঠশালাখন পাছ। দেখিবলৈ সিমান.......।

 মোৰ নিচিনা বিদ্বান গণ্যমান্য অধ্যাপক এজনে গাৱৰ ‘ একেবাৰে হোজা ’ ছোৱালীক বিয়া কৰোৱা কাৰণে বহুতে মোক বেয়া পাইছিল। বিয়াৰ আগতে যি সকল ধনী লোকে ধন-সম্পত্তি সহ ছোৱালী যাচিছিল, তেওঁলোকে সুবিধা পালেই যতে ততে মোৰ নিন্দাবাদ ৰটিবলৈ এৰা নাছিল। কিন্তু আমি সেই বোৰলৈ কৰ্ণপাত কৰা নাছিলো।

 মোৰ ভাৰ্য্যা নিশাদেবীক মোৰ বন্ধু কেইজন মানে “এলান্ধু সুন্দৰী” বুলি উপলুঙা কৰিছিল। এই মন্তব্যত নিশাই অকনো অপমান বোধ কৰা নাছিল। ৰূপে কি কাম কৰে? গুণেহে সংসাৰ তৰে ”— এই কথাষাৰৰ সত্যতা নিশাৰ গাত দেখিলো। তেওঁ দেখিবলৈ ক’লা আছিল সঁচা, ৰূপ নাছিল সঁচা, নিশা আছিল গুণৰ সাগৰ, আদৰ্শ পত্নী, খুব বিশ্বাসী, আৰু পতিপৰায়ণা। নিশাৰ চকুত চমক লগোৱা ৰূপ নাথাকিলেও