পৃষ্ঠা:গল্প সংকলন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
বননিৰ অনুৰাগ


বেচেৰা মাউত জনো মাটিত চেপেটা হৈ তেজৰ নদীত বাগৰি আছে। বৰ জঘন্য কাণ্ড—কোনে ৰাজাবাবুৰ এনে দশা কৰিলে? কোনো গোপন শত্ৰুৱে নে বনৰীয়া হাতীয়ে? এতিয়া মানুহবোৰ বৰ চিন্তা-বিমোৰত পৰিল। এই গভীৰ ৰাতি আকৌ শিবিৰলৈ ফিৰি যোৱা অসম্ভব। মৰাশ দুটাৰ কি ব্যবস্থা কৰিব, কেনেকৈ শিবিৰত খবৰ দিব এই বিষয়ে সকলোৱে চিন্তা কৰিলে। ৰাজাবাবু বৰ মাননীয় লোক আছিল। গতিকে তেওঁৰ আৰু মাউতৰ মৰা শ মাটিত পুতি থোৱা বা নদীত পেলাই দয়া ঠিক নহব। সিহঁতে কিছুমান শুকান কাঠ খৰি গছ আদি আনি সেই ঠাইতে শ দুটা দাহন কৰিলে, গোটেই ৰাতিটো তাতে কটাই দিলে। সিহতে এটা ডাঙৰ ভুল কৰিলে, যি ভুলৰ কাৰণে সিহঁতৰ গোটেই গাওখনে দণ্ড দিব লগা হৈছিল। অশিক্ষিত সৰল পাহাৰীৰ ইমান দকৈ ভাবিব পৰা ক্ষমতা নাছিল আৰু পিচদিনা ৰাতিপুৱা শিবিৰত ওলাই সকলো কথা বিবৰি কলে। বেচেৰা সৰল পাহাৰী মানুহৰ সৰল চিতিয়া কথা আৰু কামবোৰ। ৰাজাবাবুৰ বিয়োগত সকলো বজ্ৰাহতৰ দৰে হল; সকলোৱে মৰ্ম্মান্তিক দুখ পালে।

 ৰাজাবাবুৰ লগৰীয়া সকলে ভাত পানী বাদ দি ততালিকে শিবিৰ উঠাই দিলে আৰু সদলবলে ঘৰমুৱা হল। টাউনত ভৰি দিয়েই পোনেই সদৰ থানাত খবৰ দিলে গৈ। বননিৰ মাজত বিখ্যাত চিকাৰী ৰাজাবাবুৰ মৃত্যু সংবাদ—নৃসংশ হত্যাকাণ্ড আৰু সেই পাহাৰী লোক সকলৰ ষড়যন্ত্ৰৰ কথা? বতাহৰ দৰে এই সংবাদ সকলো ঠাইতে বিয়পি গল।

⸻:০:⸻