পৃষ্ঠা:গল্প সংকলন.pdf/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
গল্প সঙ্কলন ২য় ভাগ


 গতিকে বহি সময় নষ্ট কৰাৰ সকাম নাই। আজি ৰাজাবাবুয়ে ৰূদ্ৰমূৰ্ত্তি ধাৰণ কৰি নিজে চিকাৰলৈ ওলাল। ৰাইফল আৰু ভালেমান গুলিলৈ ভাল দঁতাল হাতীৰ ওপৰত উঠি মাউতজনক চলাবলৈ ইঙ্গিত কৰিলে, বনমালাৰ সন্ধানত তাইক উদ্ধাৰ কৰিবলৈ। প্ৰথমে ৰাজাবাবু আৰু মাউত অকলে বাহিৰ হল। আধা ঘণ্টা পিচতে আৰু দুটা চিকাৰীৰ দলে দুই ফালে যাত্ৰা কৰিলে—একে উদ্দেশ্যত।

 সন্ধিয়া হল। আন দিনাৰ দৰে ৰাজাবাবুৰ বাহিৰে বাকী সকলো চিকাৰীৰ দল শিবিৰলৈ ফিৰিলে। ৰাতি ভালেখিনি হল, তেতিয়াও ৰাজবাবু নিফিৰা দেখি তেওঁৰ কাৰণে বৰ উদ্বিগ্ন হল। কি জানি কিবা বিপদত পৰিল নেকি? তেওঁলোকে বৰ চিন্তাৰে ৰাতিটো কটালে। পিচ দিনা ৰাতিপুৱা আনকি দুপৰীয়ালৈ ৰাজাবাবুৰ কোনো খবৰে নাই। আবেলি সেই অঞ্চলৰ সকলো পাহাৰী সৰ্দ্দাৰ আৰু গাওবুঢ়াক খবৰ দি মতাই আনালে। সকলোৱে মিলি আলোচনা কৰিলে, এতিয়া কি কৰা যাব। উপস্থিত সকলোৱে এমত হৈ সিদ্ধান্ত কৰিলে, এতিয়াই ৰাজাবাবুক বিচাৰি যাব লাগে। হাতত দা কুঠাৰ, যাঠি জোং, জুই কাঠ জ্বলাই হৈ চৈ কৰি হাতীৰ পিচে পিচে বননিৰ ফালে সকলো আগবাঢ়ি গল। সিহতে বহু ঠাইত বহু সময় ধৰি বিচাৰিলে; কিন্তু ৰাজাবাবুৰ কোনা সুংশুত্ৰ বাহিৰ কৰিব নোৱাৰিলে' আৰু হতাশ মনেৰে দলটো ফিৰি আহিল।

 কিন্তু কেইজন পাহাৰী মানুহৰ দল এটাই ১ম দলৰ পৰা ফালৰি কাটি আৰু কিছুদূৰ আগবাঢ়ি গৈছিল। হাতীৰ খোজ লক্ষ্য কৰি ক্ৰমে সিহঁতে এডৰা ডাঠ হাবি পাৰ হৈ এজোপা কটা বাহঁৰ ওপৰত এচটা ফটা কাপোৰ দেখি ঠমকি ৰল আৰু ঠাইখন ভালদৰে পৰীক্ষা কৰিব ধৰিলে৷ দেখিলে, সেই কটা বাঁহ জোপাৰ মাজত ৰাজাবাবুৰ মৰাশটো পৰি আছে। বুকত এপাত বিহকাড় লাগি আছে। অলপ নিলগত