পৃষ্ঠা:গল্প সংকলন.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
গল্প সঙ্কলন ২য় ভাগ

সকলো দৰ্শকৰে দয়া-সহানুভুতি ওপজা স্বাভাবিক। বোধহয় এয়ে মানুহৰ ধৰ্ম্ম। ঘটনা স্থূলত ময়ো এজন নীৰব দৰ্শক মাথোন।

 যাহ’ক সহযাত্ৰী শুশ্ৰূষাকাৰী সকলৰ কথা শুনি ঠাওৰ কৰিলো—তেওঁ লোক দুজন স্বামী-স্ত্ৰী। মাত্ৰ চাৰি মাহ আগতে তেওঁলোকৰ বিয়া হৈ গৈছে। উত্তৰ লক্ষ্মীমপুৰৰ পৰা আহিছে। যোৰহাট হৈ তেওঁলোক শিৱসাগৰলৈ যাব। ৰোগীৰ লক্ষণ দেখি বুঝা গল—বেচেৰা যুবকজন মৃগীৰোগত আক্ৰান্ত।

 ৰোগীয়ে হঠাৎ আৰ্ত্তনাদ কৰি চট্‌ফট্ কৰিলে, হাত ভৰি কোঁচ খাই গল। তেওঁৰ অৱস্থা দেখি বিচলিত হৈ এজন বিবাহিত লোকে নিজৰ পৰা তিৰোতাৰ মাজৰ পৰা উঠি গৈ ভদ্ৰ মহিলাৰ ওচৰ চাপি কলেহি, “আপুনি কোনো চিন্তা নকৰিব”—এই বুলি তেওঁ ৰোগীজনৰ কাষত বহি মুখ হাত ভৰি খুব জোৰেৰে মোহাৰিব ধৰিলে। ভদ্ৰ মহিলাই অনুৰোধ, বোধহয় বিৰক্তিৰ সুৰত কলে, “দয়া কৰি আপুনি উঠি যাওঁকচোন। ইমান অত্যাচাৰ, তেওঁৰ সহ্য নহয়—আপুনি যাওঁক।” সকলোৰে চকু মানুহ জনৰ ওপৰত পৰিল। এই দৰে অপমানিত হৈ ফিৰি যাব লগীয়া হোৱাত তেওঁ বৰ লাজ পালে আৰু অলপতে নিজৰ ঘৈণীৰ পৰাও বেচ তিৰস্কাৰ লাভ কৰিলে—“তেখে ত আপত্তি কৰিছে। আপনাৰো দেখিছো............?”

 সেই বিবাহিত লোকজনে নিজৰ ঘৈণীয়েকক বুজাবলৈ চেষ্টা কৰে—“ভাবি চোৱা, তেওঁলোক দুজন এতিয়া কেনে বিপদত পৰিছে। এই ভৰা ব্ৰহ্মপুত্ৰৰ মাজত, জাহাজৰ ওপৰত। লগত নিজৰ কোনো সহায় কাৰী নাই। কিন্তু যি কোনো মানুহৰে এনে বিপদ হব পাৰে।” তেওঁৰ ঘৈণীয়েকে উত্তৰ দিলে— “আপোনাক কেলেই? ভদ্ৰ মহিলা নিজেই সুস্থ শৰীৰে আছে দেখোন” তেওঁ নীৰবে বহি থাকিবলৈ বাধ্য হল। তেওঁ বেচি তৰ্ক নকৰিলে।

 শুশ্ৰূষাকাৰী বুঢ়া ভদ্ৰলোক এজনে আহি কলে, “আই, তেওঁৰ এনেকুৱা বিকাৰ মাজে সময়ে হয় নিশ্চয়। লগত কিছু দৰব পাতি আৰু এজন চাকৰ