পৃষ্ঠা:গল্প সংকলন.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
সময় নাই


 শুভ দিনত সঁচাকৈয়ে বিয়া আহিল। অনুপমাহঁতৰ ঘৰত আয়তী সকলৰ মঙ্গল উৰুলি জোকাৰ আৰু বিয়াৰ বাজনা বাজি উঠিল। অনুৰ বিয়াৰ কাৰণে দেখিলো, সকলোৰে উলাহ-মালহ— অসম্ভব ব্যস্ততা।

 কিন্তু সিদিনা মোৰ মনৰ অৱস্থা— অসহ্য মানসিক যন্ত্ৰনা—ক’তো শান্তি বিচাৰি নাপাওঁ। কোনেও নেদেখাকৈ নিৰলাত কতবাৰ কান্দিছো! হায় ভগবান! মোৰ কল্পনাৰ মানিক, মোৰ জীৱনৰ আশা-ভৰষাৰ স্থল মোৰ অনু- পমাক অন্য এজন পৰ পুৰুষে লৈ ষাব। এই বিয়াখনে মোৰ অন্তৰ ভাঙি- চিঙি তেওঁক অতি দূৰলৈলৈ যাব আৰু অপৰিচিতা, অচিনাকী জনাৰ দৰে কৰি তুলিব। মোৰ লগত অনুৰ কোনো সম্পৰ্কই নাথাকিব। কিন্তু সময় আৰু সমাজক কোনে বাধা দিব? দুজনা যুবক-যুবতীৰ প্ৰেমে-ভৰা অন্তৰৰ কথা- বোৰ নিষ্ঠুৰ ভাবে পদদলিত কৰি মানুহ আৰু মানুহৰ সমাজ কৰ্ম্ম পথত আগ বাঢ়ি গল! হায়! সেই কথা বিচাৰ কৰিবলৈ কাৰো সময় নাই।

⸻:০:⸻


সহযাত্ৰী

 ‘দি হিৰ'ইন’ ফেৰীখনৰ আপাৰ ডেকত উঠি বিশেষ জৰুৰী কামত, ভৰবাৰিষাৰ বিশাল ব্ৰহ্মপুত্ৰৰ ওপৰেদি যোৰহাটলৈ আহি আছোঁ। ওচৰতে ১ম শ্ৰেণীৰ কেবিন এটাত দেখিলো, এগৰাকী অপৰূপ সুন্দৰী ভদ্ৰ মহিলাৰ কোলাত মূৰ থৈ এজন ক্ষীণ, বিবৰ্ণ, দুৰ্ব্বল যুবক এজন দীঘল বেঞ্চ এখনত পৰি আছে প্ৰায় অচেতন অৱস্থাত আৰু দেখিলো, কেবাজনো যাত্ৰীয়ে তেওঁ লোকক বেঢ়ি থিয়হৈ আছে। তেওঁলোক দুজনৰ অসহায় অৱস্থা দেখি