পৃষ্ঠা:গল্প সংকলন.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
সহযাত্ৰী

অনা হলে ভাল আছিল” —এই কথাত সুন্দৰী ভদ্ৰমহিলাই অলপ বিষণ্ণা হল, কিন্তু একো নামাতিলে।

 জাহাজৰ খালাচী এজনে এগিলাচ গৰম পানী আৰু দুটামান সুমথিৰা ট্ৰে এখনত দি গল ৰোগীৰ ওচৰত। বুঢ়াজনে কলে, “মুখস্য গৰম পানী দিম নে?”—“নহয় নিদিব, এগিলাচ ঠাণ্ডা পানী আনক।”

 সুন্দৰী ভদ্ৰমহিলাই বুঢ়াজনক কলে, “আপুনি সুমথিৰ বাকলি পেলাই অলপ ৰস চেপি এই ঠাণ্ডা পানী গিলাচত দিব আক সেই মোৰ সৰু চুটকেচ টো দিয়ক।” দয়ালু বুঢ়াজনে নিৰ্দেশ মতে কাম কৰি গল। আন এজনে চুটকেচ টো আনি ওচৰতে ৰাখিলে। ভদ্ৰমহিলাই বুঢ়াজনক এটা চাবি দি চুটকেচ্‌ খুলিবলৈ কলে। তেওঁ এহাতেৰে চুটকেচৰ ভিতৰৰ পৰ৷ ঔষধৰ টোপোলা বাহিৰ কৰি গিলাচত মিহলাই ললে আৰু ৰোগীক খুৱালে।

 ৰোগীৰ কাৰণে সকলোৰে সেৱা শুশ্ৰূষাৰ অন্ত নাই। ৰোগী ভালৰ পিনে নহা দেখি ভদ্ৰ মহিলা অধিক বিবৰ্ণা আৰু চিন্তান্বিতা হল। তেওঁ এবাৰ ওপ- ৰলৈ চাই কলে, “সেই খিৰিকীদুখন বন্ধ কৰি দিয়ক।” ডিচেম্বৰ মাহৰ শীত। এজন সহযাত্ৰীয়ে খিৰিকী দুইখন বন্ধ কৰি দিলে। —“এতিয়া মোৰ ডাঙৰ ট্ৰাঙ্কটো খুলিব লাগে। এখন গৰম কম্বল আছে।” —কিন্তু তেওঁ গাত থকা বহুমূলীয়া চাদৰ খনকে ৰোগীৰ মুৰে গায়ে মেৰাই দিলে, যাতে ঠাণ্ডা নালাগে।

 আকৌ এবাৰ ৰোগীয়ে হাত ভৰি কোঁচাই ভাজ ধৰি উঠিল। দৰ্শকৰে বৰ বেয়া লাগে এনেকুৱা অৱস্থাত, বিশেষকৈ অসহায় ভদ্ৰ মহিলা গৰাকীৰ কথা ভাবি।

 কাৰণ তেওঁ প্ৰকৃত সুন্দৰী নাৰী। বয়স বোধহয় ওঠৰ বা কুৰিৰ মাজত; তেওঁৰ শাৰিৰিক গঠন পাতল মজলীয়া। অঙ্গ প্ৰতঙ্গবোৰ সুন্দৰ, সুঠাম আৰু লোভনীয়। বগা মুখখনিত ধেনুভিৰিয়া ভ্ৰূযুগল, চকুনাক, পাতল কলা ওঠ দুটা, গালৰ নাকৰ ওচৰতে কলা মাহ নে তিলটোৱে মুখৰ সৌন্দৰ্য্য খুব বঢ়াইছে। কিন্তু হায়! বিধিৰ বিধান—তেওঁৰ স্বামীৰ দশা!