পৃষ্ঠা:গল্প সংকলন.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
গল্প সংকলন ২য় ভাগ


 মুখৰ ওপৰত দিনে ৰাতিয়ে জাপানী বিমানৰ অবিৰাম হো-হো শব্দ, কামান, বন্দুক, টেঙ্কৰ গৰ্জ্জন। তাৰ তুলনাত মোহনৰ বিয়াৰ বাজনা, আয়তী সকলৰ মঙ্গল উৰুলি জোকাৰ, শঙ্খধ্বনি, হোমাগ্নী এই সকলো বোৰেই কিবা বুজিষ নোৱাৰা অলীক সপোন যেন অনুমান হল।

 ইপিনে মোহনৰ কইনা উষাৰ অসম্পুৰ্ণ ফুল শয্যাৰ মালা ফুল মৰহি গৈ বাসৰ ঘৰৰ সুগন্ধি সৌৰভ বতাহত বিলীন হৈ গল। তাইৰ মনৰ ৰঙীন কুসু- মটিও অনাদৃত হৈ লেৰেলি গল। তাই মনতে ভাবে তেনেহলে এইখন বিয়ানে ব্যঙ্গ?

 মাকৰ একমাত্ৰ লৰাৰ, কত হাবিলাসত্ব বিয়াখন মোহনৰ মাকে দেখা পালে আৰু পালে এজনী দিপলিপ বোৱাৰী নিজৰ ছোৱালীৰ দৰে। উষাৰ একান্ত সেৱা যত মোহনৰ মাকে নৰীয়া পাটিৰ পৰা গা টঙালে। কিন্তু উষাৰ অৱস্থা? কুমাৰী হৃদয়ৰ সকলো প্ৰেম উপচাৰ বাৰ্থ অনাদৃত হ’বনেকি কোনে জানে?.........কিন্তু মান-অভিমান, দান-প্ৰতিদন, ভোগ-ত্যাগ আৰু দ্বন্দ-আপোচ প্ৰেমৰে ৰীতি।

 বিয়াৰ পিচত মাজে সময় মোহনৰ পৰ৷ উষাই চিঠি পায়। প্ৰেমপূৰ্ণ, সৰল ভাষাৰ দিঘলীয়া চিঠি লিখিবৰ ডাক্তৰ মোহনৰ সময় ক'ত? বাতৰি কাকতত ঊষাই পঢ়িবলৈ পায়—বৰ্ম্মাদেশ, মণিপুৰ, ইম্ফল, কোহিমা আদি ঠাইত জাপানীৰ বোমা বৰ্ষণ, নতুন ঠাই দখল —– অমানুষিক ধ্বংস লীলা। মানুহৰ মুখত শুনে নানা ৰকম উৰা বাতৰি। স্ত্ৰীৰ সন্দেহ! তাইৰ মনেও পুৰুষ চৰিত্ৰৰ বিষয়ে বহু কথা ভাবে।

 ওচৰ চুবুৰীয়া তিৰোতা সকল, কেতিয়াবা উষাৰ কোনো বন্ধু বান্ধবীও আছে। ঊষাৰ অৱস্থা দেখি বেজাৰ কৰে। এতিয়া ঊষাৰ আগৰ ৰূপ লাবণ্য নাই।

 উষাৰ কাৰণে সকলো উদ্বিগ্ন হল। অনতিপলমে তাইৰ মাক-বাপেকে এজন ভাল ডাক্তৰৰ পৰামৰ্শ ললে ডাক্তৰে। ঊষাৰ দুৰ্ব্বল, ক্ষীণ, ৰক্তহীন শৰী- ৰলৈ চাই মন্তব্য কৰিলে, শীঘ্ৰে বায়ু পৰিবৰ্ত্তন দৰকাৰ। ঊষাক ছিলঙলৈ নিয়াই স্থিৰ কৰিলে।