পৃষ্ঠা:গল্প সংকলন.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
সন্তান


 ডাক্তৰ মোহনৰ সৰু ভায়েক কিৰণ সিংহই বি-এ পৰীক্ষা দি ঘৰতে বহি আছিল। পৰীক্ষাৰ ফলাফল বাহিৰ হবলৈ আৰু কেই মাহ মান তেতিয়াও বাকী। গতিকে কিৰণে তাৰ মাক আৰু নবৌৱেকৰ লগত এদিন ছিলঙলৈ যাত্ৰা কৰিলে। কিৰণৰ কাৰণেও ভালেই হল, কিজানি ৰাজধানীত থাকিলে তাৰ ভাল চাকৰী এটাৰ সংস্থান হবও পাৰে।

 খাচীয়া পাহাৰৰ কোনো এক বিশিষ্ট স্বাস্থ্য নিবাসত তাৰে চিকিৎসক ডাক্তৰ মেথুৰ (Mr. Mathew ) চিকিৎসাধনীত থাকিলে প্ৰায় ৪৷৫ মাহ কাল। ডাক্তৰ মোহন মিলিটাৰী চাকৰীত যেতিয়া, টকা-পয়ছাৰ প্ৰশ্ন নুঠে। প্ৰকৃতিৰ নন্দন কানন ছিলঙৰ ৰমনীয় শোভাৰাশি, মুক্ত-বায়ু, প্ৰাণবস্তু সজীৱতা, শৈলবিহাৰ, অপাৰ খাদ্য বস্তু আৰু নানা আমোদ-প্ৰমোদ——মুঠতে এটি সুন্দৰ, আনন্দময় পৰিবেশে ঊষাৰ হেৰোৱা স্বাস্থ্য-যৌবন পুনৰ ঘুৰাই আনিলে। তাইৰ লোভনীয় স্বাস্থ্য দেখি আত্মীয় সকল সুখী হ’ল। দুই এজনী বান্ধবী ঈৰ্ষান্বিতাও হ'ল। এই শুভ সংবাদ যুদ্ধ ক্ষেত্ৰত ব্যস্ত থকা মোহনৰ কাণত পৰিলগৈ ভনীয়েক কমলাৰ চিঠিৰ জৰীয়তে। চিঠিত উল্লেখ আছিল যে, কিৰণে চাকৰী নাপালে; পৰীক্ষাতো ফেল মাৰিলে আৰু ঊষাও সন্তান সম্ভবা..............ইত্যাদি।

 উভয় পক্ষৰ অবিৰাম যুদ্ধৰ মাজতো এদিনাখনৰ এটা আনন্দ উৎসৱৰ কথা। সীমান্তৰ কোনো এখন যুদ্ধত শত্ৰুৰ পলায়ন আৰু মিত্ৰ পক্ষৰ জন্ম হোৱাত, সামৰিক কৰ্তৃপক্ষই Victory Day ৰবিবাৰে—‘বিজয়ত্ব দিন' বুলি ঘোষণা কৰিল। এই খবৰত উক্ত হচ্‌পিতালত সকলো ডাক্তৰ-চাৰ্জন, নাৰ্চ -ৰোগী সকলোৱে এদিনৰ কাৰণে স্বস্তিৰ নিশ্বাস কাঢ়িলে। সেই মুকলি দিনটোত সৈন্য বাহিনীৰ মাজত দিনে-ৰাতিয়ে পান-ভোজন, গান-বাজনা, আমোদ প্ৰমোদ, ছায়াছবি আৰু ডাঙৰ অফিচাৰ সকলৰ কাৰণে ‘বল-ডেন্সৰ ব্যৱস্থা আছিল। সেই বিজয় উৎসৱৰ দিনটো সকলোৰে কাৰণে উপভোগ্য।