পৃষ্ঠা:গল্প সংকলন.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
সন্তান

আঠ বজাত ডাক্তৰ মোহন ‘ৰাউণ্ডত' (Round) ওলাইছে, এনেতে ঘৰৰ পৰা এখন Express Telegram—জৰুৰী তাঁৰ পালে— “"Marrige Settled—Come sharp— Mother Serious” তাঁৰখনে একেলগে দুখ- সুখৰ ৰাতৰি বহন কৰি আনিছে—ডাক্তৰ মোহনৰ কাৰণে। বেচেৰা মোহন অতিশয় বিবুদ্ধিত পৰিল। যুদ্ধৰ ধংস-লীলাৰ মাজত বিয়াব ধুম ধাম—এফালে মৃতাৰ আহ্বান আৰু আন পিনে মধুৰ মিলন, সৃষ্টিৰ আনন্দ। কথাবোৰ কেনে সামঞ্জৰ্স্য হীন, নিৰৰ্থক যেন লাগে। নৰীয়া পাটিত পৰি থকা বৃদ্ধ মাকৰ কাৰণে মোহন বেচিকৈ বিচলিত হয়। ডাঙৰ লৰাৰ বিয়া—মাকৰ কি আনন্দ হিয়াভৰা আশীৰ্ব্বাদ!

 হিতাকাঙ্খী সকলৰ বহু অনুৰোধ স্বত্তেও, লণ্ডনৰ পৰা আহি ডাক্তৰ মোহনে বিয়া-বাৰুত একেৰাৰে মন দিয়া নাছিল। বহুতে বোধহয় ভুল বুজি মোহনক এজন woman hater, unromantic fellow বুলি মৃদু উপহাস কৰিছিল। কিন্তু জীৱনৰ প্ৰকৃত উদ্দেশ্য আক অভিপ্ৰায় তেওঁ এদিন মোৰ আগত ব্যক্ত কৰিছিল যে, আজীৱন কাল বৰলা হৈ থাকি কেৱল অধ্যয়ন আৰু ডাক্তৰী গবেষণা কাৰ্য্যত লিপ্ত থাকিব। অন্য লোকৰ মতামতক বিশেষ ভ্ৰুক্ষেপ নকস্তি নিজস্ব কৰ্ত্তব্যত মন প্ৰাণ ঢালি দিছিল।

 তাঁৰ খন হাতত লৈ মোহনে সকলো কথা ভাবি চালে—বিয়া—ভবিষ্যত জীৱনৰ দায়ীত্ব বোৰ। সেই সময়ত হচপিতাল খনত অসম্ভব কাম হেঁচা অসংখ্য যুদ্ধাহত ৰোগী। এনেস্থলত বিয়াৰ কাৰণে ছুটী আশা কৰিৰ নোৱাৰি। ইপিনে বুঢ়ী মাক নৰীয়া পাটিত। তেওঁ ঘৰলৈ যাবই লাগিব। মাকে তাঁৰ কৰিছে।

 বৰ কম সময়ৰ ভিতৰতে আশাতীত ধুমধামেৰে মোহন-উষাকুমাৰীৰ বিয়া হৈ গল। মোহনে ঘৰৰ বাধা, মৰণকো ভ্ৰাওকান কৰি ইম্ফললৈ আকৌ যাত্ৰা কৰিলে; ৰণলৈ তেওঁ যাবই লাগিব।