কৈয়ে পৰম সান্ত্বনা দিছে। সেই কাৰণেই যেতিয়াই নানা অপায় অমঙ্গলে গাৱঁলীয়া জীৱনক বেঢ়ি ধৰেহি, তেতিয়াই “কীৰ্ত্তন এক আধ্যা পাঠ কৰা হয়।”—ভক্তৰ বিপত্তি শুনি চিত্তই যেন সান্ত্বনা লভে। কূৰ্ম্মৱলী ৰজাৰ বিধৱা ৰাণীক ভীষ্মদেৱে প্ৰবোধ দিয়াৰ দৰে কাব্যেও জনসাধাৰণক বুজনি দিয়ে—
“কিসক সন্তাপ কৰা মহাতাপ,
ৰাজ পাটেশ্বৰী আই॥
যাৰ কপালত লিখিয়া আছয়,
বিধাতায়ে কাপ ধৰি।
সেই সুখ দুখ আপোন মিলয়
এৰাবাহা কেন কৰি॥”
কাব্যৰ বিষয়-বস্তু মহাভাৰত, যামল, পুৰাণ আদি বিবিধ গ্ৰন্থৰপৰা সংগ্ৰহ কৰা হৈছে বুলি কবিয়ে উল্লেখ কৰিছে। বিভিন্ন পুথিৰপৰা সংগ্ৰহ কৰা হলেও নিজ সৃজনী প্ৰতিভাৰে কবিয়ে ভালেখিনি নতুন কথাও সংযোগ কৰিছে। জনহৃদয় অধিকাৰ কৰিবৰ কাৰণে পৌৰাণিক আখ্যানৰ লগতে লৌকিক কিম্বদন্তী, বিশ্বাস আদি ৰমণীয় ভাৱে ৰজিতা খুৱাই দিয়া হৈছে। অসমীয়া জীৱন আৰু অসমীয়া মনেমোহা প্ৰকৃতিৰ বিতোপন বৰ্ণনাৰে কাব্য ভৰপূৰ। ভূষণবিহীন অথচ আপোন সৌন্দৰ্য্যেৰে আপুনি ৰমণীয় অসমীয়া তিৰোতাৰ দৰে বধকাব্যসমূহ স্বভাবোক্তিৰে সজীৱ আৰু হৃদয়স্পৰ্শী হৈ উঠিছে। “জঙ্ঘাসুৰ যুদ্ধ”ত কবিয়ে স্বভাৱ-সুন্দৰ সৰোবৰৰ মনোৰম বৰ্ণনা দিছে—
"... ... ... ... ...
দেখন্তে সুন্দৰ সিটো থান মনোহৰ॥
তাহাৰ মধ্যত এক সৰোবৰ আছে।
ফল ফুলে আমোদিত জ্বলে চাৰি কাষে॥