পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২


কোকিলৰ কুহুঁ কুহুঁ ভ্ৰমৰা গুঞ্জৰে।
জলচৰ পক্ষী সবে তাত নাদ কৰে॥
পুষ্পচয় চুপি মধুকৰে কৰে ৰোল।
কতো উৰে কতো পৰে, প্ৰেমত বিভোল॥
তমাল মালতী শেফালিকা জুতি জাই।
বকুল বন্দুলি কৰবিৰ ধূস্তুৰায়॥”

 উপৰোক্ত বৰ্ণনাত বক্ৰোক্তিৰ বাহুল্য নাই; কাব্যসৌন্দৰ্য্যৰেই প্ৰকৃতিৰ প্ৰতিটি জীৱ প্ৰাণময় আৰু বাঙ্ময় হৈ উঠিছে। প্ৰাক্‌- বৈষ্ণৱ যুগৰ কবি মাধৱ কন্দলি আৰু শঙ্কৰদেৱ প্ৰভৃতি অন্যান্য বৈষ্ণৱ কবিৰ ৰচনাতো এনে স্বভাৱসুন্দৰ পদৰ প্ৰাচুৰ্য্য আছে। ইয়াক গতানুগতিক অনুসৰণ বুলি অৱহেলা কৰিব নোৱাৰি। প্ৰত্যেক কাব্য কবিৰ স্বকল্পনা আৰু নিজস্ব ভঙ্গীৰে ৰচিত হলেও তাৰ ওপৰত জাতীয় ভাৱধাৰা আৰু প্ৰকাশভঙ্গিমাৰ কিছু প্ৰভাৱ পৰা স্বাভাৱিক। প্ৰত্যেক সাহিত্য আৰু ভাষাৰ এটি নিজস্ব বিশিষ্ট ৰূপ আছে; জাতীয় চিন্তাধাৰা, ভাৱ আৰু কল্পনাৰ সেয়ে সাৰ্ব্বজনীন উৎস। উত্তৰাধিকাৰী সূত্ৰে সকলোৱেই নিজৰ অজ্ঞাতসাৰেই সেই জাতীয় সম্পত্তিৰ ভাগ গ্ৰহণ কৰে। সেয়েহে আধুনিক যুগৰ শ্ৰেষ্ঠ অসমীয়া নৈসৰ্গিক কবিৰ ৰচনাতো স্বভাবোক্তিৰ প্ৰাচুৰ্য্য।

 কবিয়ে এফালে যেনেকৈ লোকজীৱনৰ আশা-আকাঙ্ক্ষাক কাব্যত ৰূপ দিবলৈ চেষ্টা কৰিছে, সেইদৰে প্ৰচলিত প্ৰবাদ পটন্তৰৰ মাজেদি তাক স্পষ্টও কৰিছে। প্ৰবাদ-প্ৰবচন গাঁৱলীয়া জীৱনৰ অভিজ্ঞতাৰ ওপৰত সৃষ্টি হৈছে। সৰল গাঁৱলীয়া জীৱনৰ দৰে এই পটন্তৰসমূহ পোনপটীয়া, আৰু প্ৰত্যেকটিতে গাঁৱলীয়া জীৱনৰ চিত্ৰ ফুটি ওলাইছে। তলত উদ্ধৃত কৰা পটন্তৰ কেইটিয়েই আমাৰ কথাৰ প্ৰমাণ দিব।—