পৃষ্ঠা:খটাসুৰ বধ ‍আৰু জঙ্ঘাসুৰ বধ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ক্ষণমাত্ৰ পাহৰাই ৰখাও কবিৰ উদ্দেশ্য। সেই কাৰণেই কাব্যৰ বৰ্ণনাত ধন-সোণ বয়-বস্তুৰ ওৱাদানী। কূৰ্ম্মৱলী ৰজাৰ নগৰৰ বৰ্ণনাত আছে :—

সুবৰ্ণৰ চৌপথ পদূলি সুবৰ্ণৰ।
পশু-পক্ষী যত সুবৰ্ণৰ নিৰন্তৰ॥
সুবৰ্ণৰ তৰু তৃণ লতা আছে যত।
দেখয় সুবৰ্ণময় যতেক পৰ্ব্বত॥
সুবৰ্ণৰ বৃক্ষ সব সুবৰ্ণৰ ফল।
সুবৰ্ণৰ পত্ৰ সৰ পৰম নিৰ্ম্মল॥
সুবৰ্ণৰ পুষ্প সব আছে ফুলি ফুলি।
গাছতে পাকিয়া আছে সুবৰ্ণ কদলী॥


 বাস্তৱ জীৱনত যি জনে দহোটা সংখ্যা গণিব নোৱাৰে; কাব্যত তেৱেঁই ‘চৌৰাশী হাজাৰ' সংখ্যাৰ বৰ্ণনাত আনন্দ পায়। দাৰিদ্ৰ্য ভাৰতীয় আধ্যাত্মিক জীৱনৰ আদৰ্শ। কবিয়ে পাণ্ডৱৰ দুখ-নিৰ্য্যাতনৰ কৰুণ কাহিনীৰ মাজেদি সেই নীতিকে প্ৰচাৰ কৰিছে। “জঙ্ঘাসুৰৰ যুদ্ধ-কাব্য”ত যুধিষ্ঠিৰে খেদকৈ ভীমক কৈছে—

শুনিয়োক বৃকোদৰ আমাৰ বচন।
সাত দিন অয় নাহি নাৰহে জীৱন॥
দৈৱৰ বিপাক বিধি লিখিলা কপালে।
শকুনীতে বাদমাত্ৰ ভুঞ্জো কৰ্ম্মফলে॥
অৰ্জ্জুন নকুল দুয়ো চলিও লগত।
ফল-মূল কিছুমান লৈয়োক সতত॥”


 শ্ৰীকৃষ্ণ যাৰ সখা সেই পাণ্ডৱেই যেতিয়া অভাৱ-অনাটন প্ৰপীড়িত— তেনেস্থলত সাধাৰণ মানুহৰ কি কথা? দৰিদ্ৰ জনগণক কাব্যই এনে-