পৃষ্ঠা:কৰ্ণ পৰ্ব্ব.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণ পৰ্ব্ব।

আপুনি কৰ্ণক যুঝে ৰাজা যুধিষ্ঠিৰ।
নকুল সহাদেৱ দুয়ো দুৰ্জ্জয় শৰীৰ॥ ৯॥
সেহি বেলা কৰ্ণক মাতিলা দুৰ্য্যোধন।
দেখা দেখা কৰ্ণ মোৰ সৈন্যৰ ক্ৰন্দন॥
তোমাৰ প্ৰভাৱ দৰ্প দেখি অতিশয়।
ৰণত থাকন্তে পাণ্ডৱৰ মহাভয়॥ ১০॥
সময়ৰ বেলা তজু নাহিকে বিক্ৰম।
পাণ্ডৱৰ আগে কৰ্ণ নপুংসক সম॥
ভালেতো বিদুৰে তোক বুলিছে বিস্তৰ।
পৰম পণ্ডিত তেহোঁ জানে পূৰ্ব্বাপৰ॥ ১১॥
বিদুৰৰ বাক্য কিঞ্চিতেক ব্যৰ্থ নাই।
মোৰ সৈন্য মৰে দেখা কৰ্ণ আছে চাই॥
ৰাজাৰ বচনে কৰ্ণ লাজ পাইলা বৰ।
পাণ্ডৱক ক্ৰোধে তুলি লৈলা ধনু শৰ॥ ১২॥
বোলে হেৰা পাণ্ডৱক পেশোঁ যম পথ।
শল্য সাৰথিক বোলে ঝাণ্টে ডাকা ৰথ॥
চাপাও সন্নিত যুধিষ্ঠিৰ নৃপতিৰ।
দেখা আজি কেনে মোৰ যুদ্ধ মহাবীৰ॥ ১৩॥
শুনি শল্যে হাসি বোলে জানোঁ পৰাক্ৰম।
তথাপিতো অৰ্জ্জুনে তোমাৰ হৈবে যম॥
এহি বুলি ডাকিলেক ঘোঁৰা অষ্ট বৰ্ণ।
যুধিষ্ঠিৰ দেখে মোক খেদি আসে কৰ্ণ॥ ১৪॥