পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
কৰ্ণপৰ্ব্ব।


ইটো পুনু নই, বিৰোচন জুই,
 ভীমৰ গদা প্ৰচণ্ড।
দায় মাগি তই, ৰাজ্য কাঢ়ি লৈলি,
 সাম ৰাজে ভূমি খণ্ড॥ ৪৬৩
নৃপতি ৰাজত, সভাৰ মাজত,
 নিন্দি আছ দুৰাচাৰ।
কৃষ্ণাক যেতিয়া, আছ দুঃখ দিয়া,
 কৰো তাৰ প্ৰতি কৰি॥
মোৰ আগে তই,  সভা মাজে গই,
 নিন্দি আছ দুৰাচাৰ।
নিন্দিলি ৰাজাক, আৰু দ্ৰৌপদীক,
 তাৰ কৰো প্ৰতিকাৰ॥ ৪৬৪
বনবাসে গৈলোঁ,  যত দুখ পাইলোঁ,
 আৰু ঘৰে বিৰাটৰ।
ফুৰোঁ বনে বনে,  যত দুখ মানে,
 নুগুছে মোৰ মনৰ॥
দুষ্ট দুৰ্য্যোধনে, উৰুক সঘনে,
 দেখাইলেক ৰঙ্গ মনে।
এতিক্ষণে কিয়, তোক নিনিৱয়,
 ভীমক জিনিয়া ৰণে॥ ৪৬৫
কৰ্ণ,দুঃশাসন, আৰু দুৰ্য্যোধন,
 যত দোষ আছে কৰি।