পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ।


মুখে বস্ত্ৰ দিয়া সবে হাসে ৰঙ্গমনে।
বোলে ভীম বিনে আক নজানয় আনে॥
দুৰ্য্যোধন, কৰ্ণ, দুঃশাসন আদি কৰি।
মমাৰ দুৰ্গতি দেখি যেন গৈলা মৰি॥ ৪৬১
ভাৰত চৰিত্ৰ শুনিয়োক এক মনে।
বোলা ৰাম ৰাম ভনে বিদ্যা পঞ্চাননে॥

দুলড়ি।

শকুনিক ভীমৰ তিৰস্কাৰ॥

শুন শুন শুন, গান্ধাৰী তনয়
 শুন অৰে মন্দমতি।
তোহোৰ লগত,  খেলিবোহে পাশা,
 দেখোক সবে নৃপতি॥ ৪৬২
গদাৰ পাশটি,  তোৰ লগে আজি,
 খেলিবোহো পাশা শাৰি।
কুট পাশ খেলি,  যিমতে মাগিলি,
 দশবিন্দু দয়া চাৰি॥