পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৬
কৰ্ণবধ।


সমস্তে সুজিবো,  সমৰ ভূমিত,
 হাতে ঘোৰ গদাধৰি॥
সহদেবে প্ৰতিজ্ঞা কৰিয়া আচয়,
 মহা যুদ্ধে শকুনিৰ।
সমস্তে কৌৰবে, যদি ৰক্ষা কৰে
 তথাপি ছেদিবে শিৰ॥ ৪৬৬
সিকাৰণে তোক, ভীমে নবধোক,
 ৰাাখিয়া আছো দুৰ্জ্জুন।
মহাকোপ কৰি, হাতে গল ধৰি,
 ভাঙ্গিলা তাৰ দশন॥
এই মুখে তই ,  আমাক নিন্দই,
 সততে দন্ত দেখাই।
দোন যেন তাৰ,  দুই, গাল ভৈল,
 ভীমৰ চৱৰ খাই॥ ৪৬৭
যত শকুনিক,  দুঃখ দেই মানে,
 মহাবলি বৃকোদৰ।
বনবাস দুঃখ, মনত পৰিলে,
 অগনি জ্বলে ভীমৰ।
এতেক কৰিল, তথাপি নেৰিল,
 হেপাহ নুগুছে মানে।
যতেক কৰিল, সেয়ে তাক আঁতে,
 বোলে বিদ্য়া পঞ্চাননে॥ ৪৬৮