পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৪
কৰ্ণবধ।


ৰথ সাৰথিৰ দেখি দুইৰো এক মতি।
দুইহানো বিৰোধে মমা মোৰ কাৰ্য্য়ক্ষতি।
ক্ষমা কৰিয়োক মমা মোহোৰ বচনে।
ইটো কৰ্ম্ম দেখিয়া হাঁহিবে সৰ্ব্বজনে॥ ৪০৬
মিনতি কৰোহো মমা এৰা অসন্তোষ।
মোহোক চাহিয়া মামা ক্ষমা সৰ্ব্বদোষ॥
এহি বুলি দুইৰো হাতৰ খড়গ আনি।
ডাবৰ ভিতৰ কৰি থৈলা মহামানি॥ ৪০৭
শৈল্যক অনেক প্ৰীতি কৰি মহাবল।
কৰ্ণ সমন্বিতে দুইৰো ভাঙ্গিলা কন্দল॥
শৈলে বোলে ৰাজা মই কহিছো পূৰ্ব্বত।
লাগিবে কন্দল মোৰ কৰ্ণৰ লগত॥ ৪০৮
মহা অহঙ্কাৰী ইটো ৰাধাৰতনয়।
ইহাৰ আগত কিছু নুহি ধনঞ্জয়॥
সুৰাসুৰ নাগে যাক কৰিলেক পুজা।
কোন বস্তু তাৰ আগে পৃথিবীৰ ৰজা॥ ৪০৯
পলায় বীৰগণ যাৰ প্ৰচণ্ড প্ৰতাপে।
তাৰ নিন্দা শুনিয়া থাকিব কাৰ বাপে॥
ভীষ্মসে জানন্ত সৰ পুৰ্ব্বাপৰ যত।
কৰ্ণক লেখিছে অৰ্দ্ধ ৰথীৰ লগত॥ ৪১০
মহাৰথী ৰাজা মই জানে সৰ্ব্বজনে।
তথাপি সাৰথি ভৈলো তোমাৰ বচনে॥