পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৫
কৰ্ণপৰ্ব্ব


যায়োক নৃপতি তুমি শঙ্কা পৰিহৰা।
নকৰো অন্য়থা কাৰ্য্যে নহো পৰি মৰা॥ ৪১১
তোমাৰ কৰ্ম্মত মোৰ কিছু হেলা নাই।
অতি ৰথী খেদি আহে কিবা আছা চাই॥
অৰ্জ্জুনে খেদিয়া আসে যেন বজ্ৰধৰ।
পাছু হুয়া এতিক্ষণে থাক নৰেশ্বৰ॥ ৪১২
হৈবেক দুই ৰথ যুদ্ধ আতি বিপৰীত।
তেখনে জানিবা মই হিতকি অহিত॥
শৈলৰ বচনে ৰাজা মহাৰঙ্গ ভৈলা।
যৈত আছিলেক, পূৰ্ব্বে তৈকে লাগি গৈলা॥ ৪১৩
কৰ্ণক বোলন্ত শৈলে হুয়ো সাবধান।
অৰ্জ্জুন পাইলেক খেদি দেখ বিদ্যমান॥
কৰ্ণে বোলে মোৰ বাক্য শুনা নৰেশ্বৰ।
উত্তৰক লাগি মুখ কৰা ঘোটকৰ॥ ৪১৪
অৰ্জ্জুনক যেতিক্ষণে পশ্চিমে দেখিবা।
তেখনে সম্মুখে মোৰ ৰথক ৰাখিবা॥
হেনয় আলোচ কৰি আছে দুয়ো জনে।
দেব দত্ত শঙ্খ গোট ফুঙ্কিলা অৰ্জ্জুনে॥ ৪১৫
গাণ্ডীব ধনুক টঙ্কাৰিলা ধনঞ্জয়।
বানৰৰ ধ্বজে মহা শৰদ কৰয়॥
তাৰ ধ্বনি পুৰিলেক তিনিয়ো জগত।
খলকিলা নদ, নদী কম্পিলা পৰ্ব্বত॥ ৪১৬