পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
কৰ্ণপৰ্ব্ব


সত্যে সত্যে তোমাৰ দাসৰ হৈবো দাস।
পশিলো শৰণে মোক নকৰা নৈৰাশ॥ ৪০০
আনো নানা কাকে স্তুতি, কৰিলা বিস্তৰ।
তাক শুনি মহাস্নেহ হৈলেক হংসৰ॥
হংসে বোলে তোৰ কোনে ধৰে দোষ গুণ।
উপাই এক বোলো মই কৰ্ণ পাতি শুন ৪০১
মোহোৰ পাখীত তই ধৰ ঠোঁট দিয়া।
নকৰিবি ডৰ নিয়োঁ দাঁতিক লাগিয়া ॥
পাখীত কামোৰ দিয়া হংসৰ বচনে।
কাষত থৈলেক তাক নিয়া ৰঙ্গ মনে॥ ৪০২
লাজপাই গতিমন্তে, বাম হাতে ধৰি।
বায়সক নিয়া গৈলা মনে দুখ কৰি॥
হংসৰ লগত যেন, ভৈলেক কাকৰ।
তোৰ সেহি মতে হৈব লগে অৰ্জ্জুনৰ॥ ৪০৩
যত গাল মাৰ তই মোহোৰ আগত।
এহি কথা শুমৰাইবো দুই ৰথ যুদ্ধত॥
শৈলৰ বচনে কৰ্ণ মহা ক্ৰোধ ভৈলা।
আৰক্ত নয়নে হাতে খড়গ তুলি লৈলা॥ ৪০৪
শৈলে খড়গ তুলিয়া লৈলেক তাৱক্ষণে।
দুইৰো মহাবিৰোধ দেখিয়া দুৰ্য্যোধনে॥
সমিপক লাগি বেগে গৈয়া মহাৰাজ।
ৰথী সাৰথিৰ দন্দে মিলয় আকাজ॥ ৪০৫