পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২
কৰ্ণবধ।


ঢোল হেন পেত তাৰ ভৈল জল পানে।
পাখা ঢপ ঢপ কৰি ওপৰক টানে॥
জলত ভাষয় শৰীৰত জ্ঞান নাই।
হাসে ৰাজহংসে দেখি কাকৰ বিলাই॥ ৩৯৫
কতো তল যাই কাক কতো ওপঙ্গয়।
কতো চক্ষু স্থিৰ কৰি স্তম্ভিয়া থাকয়॥
হংসগণে দেখে কাক ভৈল সৰ্ব্বনাশ।
বুলিবে লাগিলা পাছে চাপি তাৰ পাশ॥ ৩৯৬
হংসে বোলে গতি কহি আছ এক শত।
ইটো কোনে গতি পূৰ্ব্বে নকৈলি আমাত॥
যিটো তই একণত গতি আছ কই।
তাৰ ভিতৰক দেখো ইটো গতি নাই॥৩৯৭
ইসত গতিক তই কিয় নকহিলি।
মনত নভৈল কিব তই পাহৰিলি॥
আমি শিকিবোহো বুলি নকহিলি তাক।
কিবা তোৰ মাৱে বাপে দিয়াছিল হাক॥ ৩৯৮
এমন গতিক তই লুকাই ৰাখহ।
আক নকহিয়া তই আন গতি কহ॥
কাকে বোলে ক্ষেমা কৰা মোৰ অপৰাধ।
তোমাসাৰ লগে নিছ হুয়া কৰো বাদ॥ ৩৯৯
চৰণে শৰণ লৈলো ৰক্ষা কৰা মোক।
হেৰা মই মৰো মোৰ প্ৰাণ ৰাখিয়োক॥