পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
কৰ্ণবধ


কত ঠাই ভঙ্গ হৈয়া আছ অৰ্জ্জুনত।
সচা মিছা তাক তই শোধহ মনত॥ ৩৬৮
দ্ৰৌপদীৰ সয়ম্বৰে পাঞ্চাল নগৰে।
গৰু নিতে গৈয়ছিলি বিৰাটৰ ঘৰে॥
চিত্ৰৰথে সভাৰ্য্য়ো নিলেক কুৰুপতি।
সিকালত তুমি কৈত ছিলা সেনাপতি ॥ ৩৬৯
এহি সব ৰণে ভঙ্গ আছো আমি শুনি।
হয় নই সচা মিছা চোয়া মনে গুণী ॥
ৰাজহংস সমে যেন বিবাদ কাকৰ।
তোমাসাৰ হৈব যেন লগে অৰ্জ্জুনৰ ॥৩৭০
ৰাজহংস কাকৰ সম্বাদ যেন ভৈলা।
শুনা কৰ্ণ বুলি শৈবো কহিবে লাগিলা॥
ইতিহাস কথা কয়ো কাণ পাতি শুন।
কথাতে জানিবি কৰ্ণ যাব যেন গুণ॥ ৩৭১
অনেক বেপাৰীগৰ্ণ সাগৰতীৰত।
বেপাৰ কৰয় সবে আনন্দ মনত॥
তাসম্বাৰ মাজে এক আছে ধনপতি।
গতিমন্ত, নামে তাৰ একটি সন্তটী॥ ৩৭২
এক গুটি পুত্ৰ তাই পৰম স্নেহৰ।
পক্ষিৰ ছৱাল আনি পোষে নিৰন্তৰ॥
সমান বালক তাৰ ফুৰে পাছে পাছে।
কাকৰ ছৱাল এক দেখিলেক গছে॥ ৩৭৩