পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কৰ্ণপৰ্ব্ব।


অনেক প্ৰকাৰে ধৰিলেক জাল দিয়া।
মহাযত্নে পালে তাক ঘৰক অনিয়া॥
পিঠা, পৰমান্ন খাই যতেক উচ্ছিষ্ট।
তাক খেদি খায় সিটো পায়া মহামিষ্ট॥ ৩৭৪
জানা ৰাধাসুত বিষ্ঠা ভোজনক কৰে।
নানামিষ্ট উচ্ছিষ্ট তাৰ সদাই উদৰে॥
পাৱত তোৰণ (১) দিলা শুদ্ধ সুবৰ্ণৰ।
মনে বোলে মোত পব নহিকে সুন্দৰ॥ ৩৭৫
উচ্ছিষ্টক খায়া তাৰ গাৱ ভৈলা ভিৰ।
গতি কৰিবাক পাছে মনকৈলা স্থিৰ॥
মহা অহঙ্কাৰী পৃথিবীত নেদে পাৱ।
জানা সিতো মহা দুষ্ট কাতৰ স্বভাৱ॥
মনে বোলে মোৰ সম নহে পক্ষীগণ। ৩৭৬
বণিক পুত্ৰক চাই বুলিলা বচন॥
শুনা শুনা গতি বনিক তনয়।
সমুদ্ৰৰতীৰে আছে ৰাজহংস চয়॥ ৩৭৭
তাহান সমিপে মোক নিয়ো মহামতি।
হংসৰ লগত দেখা কৰো নানাগতি॥
হেন শুনি হাসিলেক পুত্ৰ বনিয়াব।
ছুইলে গাৱ ধুইতে হয় আতি কদাকাৰ॥ ৩৭৮
মৰাশৰ ভক্ষ বিনে আন ভক্ষ নাই।
বাৰিলেক গৰ্ব্ব তোৰ উৰ্চ্চিষ্টক খাই॥


১। লটকন।