পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৫
কৰ্ণপৰ্ব্ব


অঙ্গ, বঙ্গ, দুই খান তোক ৰাজ্য় দিয়া।
ৰাজা দুৰ্য্য়োধনে ঘৰে আছয় আনিয়া॥
কৌৰৱৰ ৰাজ্যে খাস উচ্ছিষ্ট সমান।
সিকাৰণে বাঢ়ি আছে তোৰ যশ, মান॥ ৩৬৩
তোহাৰ দেশৰ লোক পৰম পাতকী।
ইহলোকে দুখি পৰলোকে নাই গতি॥
যিটো ৰাজ্য়ে জানা কৰ্ণ মনুষ্য বেচয়।
অধোগতি যাই সিটো জানিবা নিশ্চয়॥ ৩৬৪
দেৱতায়ো পূজা তাৰ নকৰে স্বীকাৰ।
হেনয় দেশতে তুই থাক দুৰাচাৰ॥
কেন অৰ্জ্জুনক নিন্দা কৰা আতিশয়।
তাহাঙ্ক নিন্দিয়া তুমি নিজে হৈবা ক্ষয়॥ ৩৬৫
লক্ষেক নৃপতি সম নভৈলেক যাক।
একেশ্বৰে জিনি যুদ্ধে আনিল কৃষ্ণাক॥
খাণ্ডৱ দাহনে যুদ্ধ কৰিল ইন্দ্ৰক।
বাহুযুদ্ধে যিটো জনে তুষিলা হৰক॥ ৩৬৬
নিপতি কৱচ তিনি লোকট বিজয়।
তাক সংহৰিলা ৰঙ্গে বীৰ ধনঞ্জয়॥
বিৰাতৰ পৰা কুৰুগণ নিৰন্তৰে।
পলাই আসিলি সবে অৰ্জ্জুনক ডৰে॥ ৩৬৭
প্ৰাণ ৰাখি আইলি ভায়েক বলি দিয়া।
হেন লাজ পাই কেনে নগৈলি মৰিয়া॥
o