পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কৰ্ণপৰ্ব্ব


ৰিণি ৰিণি দেখি মাত্ৰ পতাকা ৰথৰ।
ধ্বজগোটা প্ৰকাশয় শুদ্ধ সুবৰ্ণৰ॥
মহাবেগে আসে যেন সক্ষাতে পবন।
নিশ্চয়ে অৰ্জ্জুন ইটো নহে অন্যজন॥ ৩৫২
আপোনাক কৰ্ণ তই হও সাবধান।
দৃঢ় মুষ্ঠিধৰ কাল পৃষ্ঠ ধনু খান॥
অতি ৰথী খেদি আসে এৰা আল জাল।
তোৰ লগে আজি জানো মোৰ হৈব কাল॥ ৩৫৩
সৰ্ব্বজনে জানে অতি ৰথী ধনঞ্জয়।
তাৰ আগে কোন বস্তু ৰাধাৰতনয়॥
শৈল্যৰ বচনে কৰ্ণ কোপে কম্পমান।
অগনিত ঘূত যেন ভৈলা হেন থান॥ ৩৫৪
কৰ্ণে বোলে শৈল্য কাক দেখুয়াস ডৰ।
মোহোৰ আগত যশ কহ অৰ্জ্জুনৰ॥
তোহোৰ সমান মই নহো ভয়াতুৰ।
দেখা আজি সকলে ভাৱনা কৰো ছুৰ ॥ ৩৫৫
কোন বস্তু কৃষ্ণ, ধনঞ্জয় মোৰ আগে।
নজানোহো ফিবি আজি জাই কত ভাগে ॥
মোৰ শব চোট সহিবেক কাৰ প্ৰাণে।
সাগৰক শোষিবাক পাবো মোৰ বাণে। ৩৫৬
মোৰ আগে অৰ্জ্জুনৰ গুণ বাখনহ।
মইকি নজানো যাৰ যেন মন গহ॥