পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭২
কৰ্ণবধ


এহি সময়ত চলিয়োক মহাবীৰ।
অবিলম্বে বাধেয়ৰ ছেদিয়োক শিৰ॥ ৩৪৬
নৃপতিৰ বাক্য় শুনি হৰষিত মন।
ৰাজাক প্ৰমামি চলি গৈল দুয়োজন॥
অসংখ্যাত সুমঙ্গল দ্ৰৌপদী কৰিলা।
তাত পছে দুয়ো ৰাই ৰথত চৰিলা। ৩৪৭
ৰজতে সুবৰ্ণে, অৰ্জ্জুনৰ ঘোৰা চাৰি।
শুক্ল পতাকা চতুভিতি আছে আৰি॥
হেনয় ৰথত চৰি বীৰ চুড়ামণি।
কৃষ্ণক চাহিয়া হেন বুলিলন্ত বাণী ॥ ৩৪৮
ডাকিয়োক ৰথ সৰি এৰা আল জাল।
যেন বাধেয়ক দেখা পাওঁ যে তৎকাল॥
অৰ্জ্জুনৰ বচন শুনিয়া চক্ৰপাণি।
ফিৰাইলা ঘোৰাৰ মুৰ ৰাদ জৰি টানি ॥ ৩৪৯
ডাকিলেক ৰথখান জগত আধাৰ।
ত্ৰিপুৰ দহিতে যেন চলিল শঙ্কৰ॥
সেহিমতে চলিলা অৰ্জ্জুন ধনুৰ্দ্ধৰ।
শুনা ধৃতৰাষ্ট আৰে কথা তাত পৰ॥ ৩৫০
অৰ্জ্জুনৰ ৰথৰ পতাকা শেশোভন।
দুৰতে আকলি ( ১ ) শৈল্যে বুলিলা বচন ॥
মোহোৰ বচন শুনা ৰাধাৰ তনয়।
অৰ্জ্জুনৰ ৰথ ইটো জানিলো নিশ্চয় ॥ ৩৫১