সাৰথি হইয়া তোৰ শঙ্কা নাই মোক।
ইবাৰ ক্ষেমিলো আৰ নেক্ষেমিবো তোক॥ ৩৫৭
সাৰথিয়ে ৰথীৰ কৰায় ৰঙ্গ মন।
তই পুনু পাপীষ্ট কৰাস ভঙ্গ মন॥
এতেকে জানিলে৷ তয়ী শত্ৰুতো অধিক।
আজি হেন জানো কাড কৰি কোনধিক॥ ৩৫৮
পৰ্ব্বতত থাক তই আলু কছু খাই।
ধৰ্ম্ম কৰ্ম্ম শাস্ত্ৰৰ বিচাৰ কিছু নাই॥
তোহোৰ দেশৰ নৰ, নাৰী, যত যত।
১| সবে গৌৰবৰ্ণ পিন্ধে কাঞ্চুলা গাৱত॥ ৩৫৯
গাৱত কাঞ্চুলি দিয়া ঢকিয়া থাকয়।
সবে উলঙ্গত তোৰ ৰাজা নাবাচয় ॥
২। খাই ভাত খাস আৰু পোৰা শূকটিক।
তোৰ এই আহাৰ জীৱনে ধিক ধিক॥ ৩৬০
ধন, জন,ভাৰ্য্য়া পুত্ৰ সবে দিতে পাৰি।
কদাচিতো খাই ভাত দিবাক নপাৰি॥
হেনয় দেশৰ তোৰ প্ৰজা নিৰন্তৰ।
তই ৰাজা ভৈলি শৈল্য় হেনয় দেশৰ॥ ৩৬১
আনো নানা নিন্দা বুলিলেক সেনাপতি।
তাক শুনি শৈল্যে বোলে শুন মন্দমতি॥
যিবুলিলি কৰ্ণ তই সেই সত্য় হয়।
কিন্তু মোৰ দেশে লোকে প্ৰাণী নেবেছয়॥ ৩৬২
১।একাছলিয়া কাপোৰ এখনীয়া বস্তু।২। কৰকৰা ভাত।