পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ।

সেহিমতে আশা তোৰ জানিলোঁ নিশ্চয়।
ঘৰে থাকি অৰ্জ্জুনক নিলি যমালয়॥
এহি বুলি ৰথ ডাকিলন্ত মহাবীৰ।
অনন্তৰে পাইলা তযু পুত্ৰ মন্দিৰ॥ ১৪
কৰ্ণ আসি বাৰ দ্বাৰি জনাইলেক যাই।
দুৰ্য্য়োধনে দুইকো পাছে নিলেক মতাই॥
ৰজাক প্ৰণাম কৰি বসিলা আগত।
কৰ্ণক দেখিয়া বৰ আনন্দ মনত॥ ১৫
আজি যুদ্ধে অৰ্জ্জুনক নিবে যমঘৰ।
মনে বোলে তেন নয় দেখোহো কৰ্ণৰ॥
শৈল্যক সাদৰি বুলিলেক দুৰ্য্যোধনে।
অনেক প্ৰশংসা কৰি মধুৰ বচনে॥ ১৬
অৰ্জ্জুনৰ সাৰথি যি মতে দামোদৰ।
সেহিমতে তুমিও আমাৰ নৰেশ্বৰ॥
সততে ৰাখিবা তুমি সমৰ ভূমিত।
মোক মমা ভিন্ন নেদেখিবা কদাচিত॥ ১৭
কৃষ্ণত পৰম গহ যেন পাণ্ডৱৰ।
সেহিমতে সাৰথি যে, তুমিও কৰ্ণৰ॥
আজি মহা ঘোৰ যুদ্ধ হৈবেক নিশ্চয়।
নাজানো কাহাৰ জয় কাৰ পৰাজয়॥ ১৮
দুই ৰথ যুদ্ধক দেখিবেক সৰ্ব্বজনে।
আকাশত থাকি যুদ্ধ চাৱে দেৱ গণে॥