পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব।

বীৰ স্থানে বহিলন্ত ৰাধাৰ তনয়।
উদয় গিৰিত যেন সূৰ্য্যে প্ৰকাশয়॥ ৮
শৈল্যক বোলন্ত ৰথ ডাকিও সকালে।
কৃষ্ণ অৰ্জ্জুনক দেখা পাওঁ তৎকালে॥
যত বীৰগণ আছে কুৰু পাণ্ডৱৰ।
দেখোক যে ৰঙ্গ আজি দুই ৰথ যুদ্ধৰ॥৯
যুধিষ্ঠীৰ ভীমক নগনো তৃণৱত।
মাদৃ সূত দুই নোহে যুদ্ধত পাৰ্গত॥
মোৰ ছোট নসহয় সাত্যকি পাঞ্চাল।
পাণ্ডবি দলত পশি লগাওঁ জঞ্জাল॥ ১০
কিন্তু ধনঞ্জয় বীৰ মহা ধনুৰ্ধৰ।
কৰিবো দুই ৰথ যুদ্ধ লগে অৰ্জ্জুনৰ॥
কৃষ্ণ ধনঞ্জয়ক দেখাৱোঁ যম লোক।
শীঘ্ৰ কৰি ৰজা ৰথ খান ডাকিয়োক॥ ১১
কৰ্ণৰ বচন শুনি শৈল্য নৰেশ্বৰ।
বুলিবে লাগিলা দৰ্প শুনি বাৰম্বাৰ॥
হাতৰ কঙ্কণ কোনে দৰ্পণত চাৱে।
আপোনৰ যশক আপুনি কোনে গাৱে॥১২
ক্ষেত্ৰক গৈলেসে জানি যাৰ যেন নয়।
হৰিণৰ জালে সিংহ বন্দি হুয়াছয়॥
থাকয় ছৱাল যেন মাতৃৰ কোলাত।
চন্দ্ৰক ধৰিব লাগি মেলে দুয়ো হাত॥ ১৩