পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণপৰ্ব্ব

দেৱ-ঋষি ৰাজ-ঋষি ব্ৰহ্ম-ঋষি যত।
তাৰায়োঁ চাহিবে যুদ্ধ থাকি আকাশত॥ ১৯
এতেকে তোমাক মমা বোলোহোঁ সাদৰি।
কৰ্ণৰ ৰথক ৰাখিবাহা যত্ন কৰি॥
নৃপতিৰ বাকা শুনি মদ্ৰ অধিপতি।
অসন্তোষ মনে পাছে আছিলা নমাতি॥২০
যি কিছু বুলিলা ৰাজা সবে সত্য হয়।
কিন্তু অহঙ্কাৰি আতি বাধাৰ তনয়॥
পৰম ঈশ্বৰ হৰি জগত আধাৰ।
তাৰ সংহৰিবে মনে ভৈলা অৱতাৰ॥ ২১
হেনয় কষ্ণক নিন্দা কৰিবেক কৰ্ণে।
তাক মই কেন মতে শুনিবোঁ শ্ৰৱণে॥
নৰ ৰূপে অৱতাৰ ভৈলা ধনঞ্জয়।
যাহাৰ বীৰত্ব দেখি দেৱতাৰো ভয়॥ ২২
নৰনাৰায়ণ কহি আছে ঋষিগণে।
তাসম্বাৰ নিন্দাক শুনিবে কোন জনে॥
পূৰ্ব্বে যে তোমাত কহি আছো নৰেশ্বৰ।
নহৈবো সাৰথি মই কৰ্ণৰ ৰথৰ॥ ২৩
আপুনি যুজিবো মই পাঞ্চো পাণ্ডৱক।
আনক সাৰথি কৰি দিওক কৰ্ণক॥
হৈলোহোঁ সাৰথি মই বচনে তোমাৰ।
কদাচিতো নেৰিবোহোঁ ধৰ্ম্ম আপোনাৰ॥২৪