পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
কৰ্ণবধ।


দুলড়ি।

অৰ্জ্জুনৰ খেদ।

শুনা নাৰায়ণ, জগত কাৰণ,
 বোলে বীৰ ধনঞ্জয়।
কাজি কি কাৰণে,  লয় মোৰ মনে,
 পাণ্ডৱৰ পৰাজয়॥
কৌৰবী দলত, বাদ্য নানা মতে,
 শুনো মই ঠাই ঠাই।
আমাৰ প্ৰজাৰ, শুনো হাহাকাৰ,
 উৎসাহ কিসক নাই॥ ২৬০
ৰাধেয়ৰ খঙ্গ , দেখি কিবা ভঙ্গ,
 ভৈলা মোৰ সেনাগণ।
ভীম সাত্যকিক,  কিবা পাঞ্চালক,
 জিনিলেক কৰি ৰণ॥
অঙ্গিকাৰ কৰি,  আছে মোৰ বৈৰী,
 নৃপতিক ধৰিবাক।
সত্য ৰক্ষা কৰি, নৃপতিক ধৰি,
 নিলেক জানো গৃহক॥ ২৬১
সেহিসে কাৰণে, মোৰ সেনাগণে,
 কাংশ পৰি জিন গৈল।
ৰাজা দুৰ্য্যোধন, মহা ৰঙ্গ মন
 কৌৰবে হিত সাধিল॥