পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
কৰ্ণপৰ্ব্ব।


যেন মেঘে বৃষ্টি কৰে পৰ্ব্বত ওপৰে।
হেন মতে ঢাকি থৈলা অৰ্জ্জুনক শৰে॥
কৃষ্ণক ঢাকিয়া থৈলা লগে অৰ্জ্জুনৰ।
যেন দুই সূৰ্য্য ভৈলা মেঘৰ ভিতৰ॥ ২৫৬
সেহিমতে ৰহিলেক কৃষ্ণ ধনঞ্জয়।
পৰম কৌতুকে বেঢ়ি সমস্তে হাসয়॥
পাছে ধনঞ্জয়ে গাণ্ডীবৰ পাকদিয়া।
সমস্তে শৰক পেলাইলেক উৎপাৰিয়া॥২৫৭
কুঁৱলি গুচিলে যেন সুৰ্য্যৰ উদয়।
সেহিমতে ভৈলন্ত মাধৱ, ধনঞ্জয়॥
তাত পাছে পাশুপত্ৰ যুৰি মহাবীৰ।
সমস্তৰে একেবাৰে ছেদিলন্ত শিৰ॥২৫৮
ৰণত পৰিল যেবে শংসপ্তক গণ।
কৃষ্ণক সম্বোধি পাৰ্থে বুলিল৷ বচন॥
গুৰু গোপালৰ পদ ধৰি এক মনে।
বোলা ৰাম ৰাম ভণে বিদ্যা পঞ্চাননে॥ ২৫৯