পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫
কৰ্ণপৰ্ব্ব।


শুনা যদুপতি,  কৰি শীঘ্ৰগতি,
 ডাকিয়োক ৰথ বৰ।
সত গজ বাজি,  সমস্তকে আজি,
 মাৰি পেশো যমঘৰ॥ ২৬২
ভাবত বচনে, স্বৰ্গী ৰাজাগণে,
 নানা মোৰ নাম থুইলা।
ৰাজা অনুসাৰে,  নাম মোৰ বাঢ়ে,
 বিদ্যা পঞ্চাননে কৈলা॥


পদ।

যুধিষ্ঠিৰক, অৰ্জ্জুনে আৰু অৰ্জ্জুনক, যুধিষ্ঠিৰে
তিৰস্কাৰ।

সঞ্জয় বদতি ৰাজা শুনা এক মনে।
কৃষ্ণক সম্বোধি পাছে মাতিলা অৰ্জ্জুনে॥ ২৬৩
কৌৰৱৰ বাদ্য সব শুনি বিপৰীত।
তাক শুনি মোহোৰ আকুল কৰে চিত্ত॥
নিশবদ শুনো মই পাণ্ডবী দলৰ।
নাজানোহো কিবা হোয়ে আথান্তৰ॥ ২৬৪
ৰথখান যদুদেৱ ডাকিয়ো সকালে।
আমাশাৰ ৰণ স্থলি পায়ো অবিকলে* (১)॥