পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৯
কৰ্ণপৰ্ব্ব।


আঠ আঠ শৰে চাৰি ঘোৰাক তাড়িলা।
তিনি শিলি মুখ পাছে ধ্বজক হানিলা।
পুনৰপি পঞ্চাধিক ষাঠি গোটা শৰে।
লঘুহন্তে কৰ্ণক হানিলা নৃপবৰে॥ ২৩৪
নৃপতিৰ কৰ্ম্ম কৰ্ণে মনে প্ৰশংসিলা।
বামহস্তে কালপৃষ্ঠ ধনুক ধৰিলা॥
ধনুত যুৰিলা আনি অৰ্দ্ধচন্দ্ৰ বাণ।
নৃপতিৰ হাতৰ কাটিলা ধনুখান॥ ২৩৫
একাদশ শৰ হানিলেক নৃপতিক।
দশশৰে মূৰ্চ্ছা কৰিলেক সাৰথিক॥
ঈশ, দণ্ড, ধ্বজক হানিলা চাৰি শৰ।
চাৰি গোটা ঘোৰাক মাৰিলা আঠ শৰ॥ ২৩৬
অনন্তৰে যুধিষ্ঠীৰে ধৰি ধনুখান।
কৰ্ণক লাগিয়া প্ৰহাৰিলা কুৰি বাণ॥
পথতে কাটিলা কৰ্ণে মহা ধনুৰ্দ্ধৰ
নৃপতিৰ হৃদয়ে হানিলা তিনি শৰ॥ ২৩৭
কৰ্ণক বিন্ধিলা ৰাজা ভল্ল এক বাণে।
স্তম্ভি আছিলেক কৰ্ণ কতোক্ষণ মানে॥
সুস্থ হুয়া ধনু ধৰি কৰ্ণ মহাবীৰ।
সৰ্বাঙ্গে আথাকে শৰ হানে নৃপতিৰ॥ ২৩৮
নাকে কাণে, ওঁঠে, কণ্ঠে, ললাটে, উদৰে।
শালি শালি থৈলা সবে ৰাধেয়ৰ শৰে॥