পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
কৰ্ণবধ।


কৰ্ণৰ ঈদৃশ বাক্য-ৰূপ ঘোৰ বাণ।
শুনিয়া শৈলাৰ ভেদিলেক মৰ্ম্মস্থান॥
মনে বোলে থাক থাক বুজিলো সকল।
এখনে নুহিকে ভাল কৰিতে কন্দল॥ ২২৯
অনন্তৰে ভিতৰ প্ৰৱেশ ভৈলা কৰ্ণে।
শুখান বনক যেন দহে হুতাশনে॥
যাদৱ দলক জিনি ৰাধাৰ তনয়।
কৈকেয় দলৰ সেনা কৰিলেক ক্ষয়॥২৩০
কুম্ভ ভোজ নৃপতিৰ দলক ভঙ্গাই।
মদ্ৰক দেশৰ সৈন্য়ে প্ৰৱেশিল যাই॥
মাৰিলেক সেনাগণ মদ্ৰক দেশৰ।
হস্তী, যুথ দেখি কৰ্ণে নিলা যমঘৰ॥ ২৩১
তাত পাছে ৰথ যুথ কৰিয়া মৰ্দ্দন।
বালক সহিতে ঘোৰা সব, কৰিছন্ন॥
যুধিষ্ঠিৰ নৃপতিক যুজিবাক মনে।
মন পৱন বেগে চলি যাই কৰ্ণে॥ ২৩২
কৰ্ণে খেদি আসে যুধিষ্ঠীৰে হেন দেখি।
ধৰিলেক ধনুখান খানিকো নপেক্ষি॥
আকৰ্ণ সমান কৰি টানি ধনুখান।
কৰ্ণৰ হৃদয়ে হানিলন্ত ঘোৰ বাণ। ২৩৩


ৰাজাৰ আৰোহি