পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
কৰ্ণবধ।


মৰ্ম্ম মৰ্ম্ম স্থানে শৰ কৰিলা প্ৰহাৰ।
মহাপীড়া পাই ৰাজা দেখে অন্ধকাৰ॥ ২৩৯
লালকাল ভৈলা ৰাজা শ্ৰুতি নাহি গাত।
কৰ্ণময় দেখে নৃপ সকল জগত॥
পাছে কৰ্ণে নৃপতিৰ সমীপ চাপিয়া।
বুলিলা বচন কৰ্ণে গাৱে হাত দিয়া॥ ২৪০
দিলোহো বিদাই ৰাজা যাও শিবিৰক।
হেন গতি হৱে জানা বুজিলে কৰ্ণক॥
যি স্থানত যুদ্ধ কৰো শুনা নৰেশ্বৰ।
সি স্থানৰ পৰা তুমি হৈবাহা অন্তৰ॥ ২৪১
পাঞ্চ পুত্ৰ কুন্তী পূৰ্ব্বে দান মাগিলেক।
সিকাৰণে নৃপতিক ধৰি নালিলেক॥
সহদেব, নকুল আছিল সেহি ঠাই।
শিবিৰক নৃপতিক নিলে পলুৱাই॥ ২৪২
কৰ্ণ ফিৰি ৰহিলেক বাহুৰ মূখত।
যুধিষ্টীৰ পৰিয়া ৰহিলা পালঙ্গিত॥
যেতিক্ষণ নৃপতিক ঘৰে লৈয়া গৈলা।
মৰিলেক ৰাজা হেন সমস্তে জানিলা॥ ২৪৩
অসংখ্যত বাজনা বজাই সেই ঠাই।
আৰ নৃপতিৰ জীৱনত আশা নাই॥
পাছে দুই দলৰ লাগিল ঘোৰ যুদ্ধ।
যাক যৈতে পাই মাৰে নচায়া যুবা,বৃদ্ধ॥২৪৪