পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কৰ্ণবধ


ঘাগৰ ঘুগুৰা বাজে সমস্তে গাৱত
শুক্লবৰ্ণ পতাকা আৰিলা ওপৰত॥ ৩
নানা অস্ত্ৰচয় থৈলা ওপৰে ৰথৰ।
পৰশু, মূষল, গদা, পৰিঘ, তোমৰ॥
ডম্বৰু, ভূষণ্ডী, শূল, পৰশু,তিখাল।
আনো নানা অস্ত্ৰসস্ত্ৰ বতেক আছিল॥ ৪
স্থানে স্থানে সব থৈলা শৈল্য নৰেশ্বৰ।
সাৰহি সহিতে আসে ৰথ যে কৰ্ণব॥
ৰথ দেখি কৰ্ণৰ পৰম ৰঙ্গ মন।
শৈল্যক বোলন্ত তুমি সাৰথি সুজান॥ ৫
নিৰ্ম্মিলাহা ৰথ যেন দেৱক বিমান।
তুমি সম সাৰথি নাহিকে ত্ৰিভূবন॥
ইন্দ্ৰৰ মাতলি যেল দাৰুক কৃষ্ণৰ।
মমাৰ তনয় দামোদৰ অৰ্জ্জুনৰ॥ ৬
সেহিমতে সাৰথি হৈবাহা মোৰ ৰণে।
দুই ৰথ যুদ্ধত ৰথ ৰাখিবা যতনে॥
ৰথ চক্ৰ কৃষ্ণে যেন ৰাখে অৰ্জ্জুন।
সেহিমতে তুমি ঘোৰা ৰাখিবা আমাৰ॥ ৭
এহি বুলি সূৰ্য্য়ক চিন্তিলা হৃদয়ত।
নেপালিত ভৰি দিয়া চলিলা ৰথত॥


১.ৰমৰ ৰিকাপি॥