পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
কৰ্ণপৰ্ব্ব


হাহাকাৰ শব্দকাৰে পাণ্ডুবীৰ গণ।
আতিশয় আনন্দিত ভৈলা দুৰ্য্যেধন॥
কতো বোলে ভীম গৈল যমৰ সদন।
কতো বোলে ধন্য ধন্য ৰাজা দুৰ্য্যোধন॥ ২০২
ভৈলা পাণ্ডৱৰ বল হীন আজি হন্তে।
এহি বুলি বাদ্য বজাৱয় নানমতে॥
দুন্দুভি, দগৰ, খোল,, কাংশ্য, কৰটাল।
বীৰঢোল, মৃদঙ্গক বজায়ে কাহাল॥ ২০৩
সপ্তশ্বৰ বিপঞ্চি বজায়ে কৰিল্লাস।
ঢোল, ভেৰু, ৰামতাল, বাজে অপ্ৰআশ॥
তক্ষকক আদি কৰি ছত্ৰিশ বাজনা।
একত্ৰে বাজায় বাদ্য নজাই গণনা॥ ২০৪
পাণ্ডবী দলত কাংশ পৰি জীন গৈলা।
শুনা ধৃতৰাষ্ট্ৰ পাছে যেন কথা ভৈলা॥
যেবে ভীমসেনক নিলেক পলুয়াই।
বেহুৰ ভিতৰে কৰ্ণ পশিবাক যাই॥ ২০৫
সহদেব, নকুল, পাঞ্চাল, যযুধান।
কৰ্ণক খেদিয়া গৈল এহি চাৰিজন॥
সহদেবে প্ৰহাৰ কৰিলা দশ বাণ।
নকুলে বিংশতি বাণ কৰিলা সন্ধান॥২০৬
পাঞ্চালে প্ৰহাৰ কৰিলন্ত বাণ ত্ৰিংশ।
সাত্যকি বীৰেয়ো বাণ হানিলা চল্লিশ॥