পৃষ্ঠা:কৰ্ণ পৰ্ব্ব- বিদ্যা পঞ্চানন.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
কৰ্ণবধ।


দুই দুই বাণে পাছে ধ্বজক হানিলা।
তিনি তিনি বাণে ঈশ দণ্ডক ভেদিলা॥ ২০৭
শৈলাক হানিলা পাছে চাৰি চাৰি শৰ।
হেন দেখি মহাকোপ ভৈলেক কৰ্ণৰ॥
পাছে যাই কুৰু বেহুদ্বাৰ নিৰূধিলা।
সহদেব বীৰে ৰাধেয়ক খেদি গৈলা॥ ২০৮
দিব্যৰথে চৰি ভয়ঙ্কৰ ধনু ধৰি।
কৰ্ণৰ সন্মুখে ৰৈলা মহা কোপ কৰি॥
কৰ্ণে বুলিলেক পাছে মদ্ৰক ৰাজাক।
সহদেৱ আসি আছে মোক যুজিবাক॥ ২০৯
দেখিয়ো নৃপতি কেন সাহ ক্ষত্ৰিয়ৰ।
মৰিবাক জানে তথাপিতো নাহি ডৰ॥
মোক কি যুঁজিতে পাৰে ইহাৰ পৰাণে।
মাৰিবাক পাৰো মই এক গোটা বানে॥ ২১০
তথাপি যুঁজিতে আসে কিনো আৰ শাস।
যেন ক্ষুদ্ৰ পতঙ্গ অগ্নিত কৰে জাস॥
সেহিমতে ইহাঙ্ক জানিবা নৰেশ্বৰ।
এতেকে বোলোহে ভয় নাই ক্ষত্ৰিয়ৰ। ২১১
শৈল্য সমে কৰ্ণ এহি কথা মাতে আছে।
সহদেবে ধনুখান টঙ্কাৰিলা পাছে॥
কৰ্ণক লাগিয়া প্ৰহাৰিলা শত শৰ।
পথতে কাটিলা কৰ্ণে মহাধনুৰ্দ্ধৰ॥ ২১২